61
পাঞ্জাবাৰীঃ মহানগৰীৰ বেলতলাৰ এজি বাছ আস্থানৰ এখন ৰেস্তোৰাত অগ্নিকাণ্ড সংঘটিত হৈ কেইবালক্ষাধিক টকাৰ সা-সামগ্ৰী ভস্মীভূত হয়৷ বেলতলাৰ ব্ৰক্ষ্মপুত্ৰ এপাৰ্টমেন্টৰ নিজৰা’ছ ৰেস্তোৰাত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড।
ৰেস্তোৰাখনৰ ৰান্ধনী শালৰ পৰাই অগ্নিকাণ্ডৰ সুত্ৰপাত হয় বুলি জানিব পৰা গৈছে। অগ্নিকাণ্ডৰ ফলত ৰেস্তোৰাখনৰ সকলো সামগ্ৰী ভস্মীভূত হোৱাৰ সমান্তৰালকৈ ভাগ্যক্ৰমে ৰক্ষা পৰে এপাৰ্টমেন্টটোৰ অন্যান্য ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ৷