দিল্লীঃ অগ্নিকাণ্ডৰ পৰা শুকুৰবাৰে কথমপি ৰক্ষা পৰে এম এছ ধোনী। প্ৰাপ্ত বাতৰি মতে দিল্লীৰ দ্বাৰকাস্থিত ৱেলকাম হোটেলত বাহৰ পাতি আছিল টীম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়কজন। পুৱাৰ ভাগত ধোনীয়ে আহাৰ গ্ৰহণ কৰি থকা সময়তে হঠাৎ জুইয়ে ছানি ধৰে উক্ত হোটেলখন।

অৱশ্যে অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত কথমপি দলটোৰ সহিতে  ধোনীৰ প্ৰাণ ৰক্ষা পৰে। ধোনীৰ নেতৃত্বত থকা ঝাৰখণ্ডৰ দলটোও সেই সময়ত একেলগে আহাৰ গ্ৰহণ কৰি আছিল।

উল্লেখ্য যে, বিজয় হাজাৰে ট্ৰফী খেলিবলৈ দিল্লীলৈ আহিছিল ঝাৰখণ্ডৰ দলটো। কিন্তু দলটোৰ গোটেই সা-সামগ্ৰী অগ্নিদগ্ধ হোৱাত খেলখন স্থগিত ৰখা হয়।