ইম্ফলঃ মণিপুৰৰ ৰাজধানী ইম্ফল ধৰা পৰিছে কৰ’না ভাইৰাছৰ প্ৰথমটো পজিটিভ। মণিপুৰৰ স্বাস্থ্য বিভাগ আৰু কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে মঙলবাৰে দিনৰ ভাগত সদৰী কৰিছে এই তথ্য।

'ইম্ফল টাইমছ’ত প্ৰকাশিত বাতৰি অনুযায়ী ইংলেণ্ডৰ পৰা উভতি অহা এগৰাকী ২৩ বছৰীয়া যুৱতীৰ দেহত ধৰা পৰিছে এই ভাইৰাছ। যুৱতীগৰাকীয়ে লণ্ডনৰ পৰা এয়াৰ এছিয়াৰ বিমানযোগে দিল্লী, কলকাতা আৰু আগৰতলা হৈ বিমানযোগে যোৱা ২১ মাৰ্চত ইম্ফলত উপস্থিত হৈছিল বুলিও বাতৰিটোত কোৱা হৈছে।

গৃহ চহৰত উপস্থিত হোৱাৰ পিছতে যুতীগৰাকীক চহৰখনত থকা জৱাহৰলাল নেহৰু ইনষ্টিটিউট অব মেডিকেল চায়েন্স চমুকৈ জেএনআইএমএছত ততালিকে ভৰ্তি কৰাই কৰ’নাৰ টেষ্ট কৰা হয়। এই টেষ্টত পজিটিভ ধৰা পৰাৰ লগে লগে যুৱতীগৰাকীৰ পৰিয়ালৰ বাকী সদস্যসকলকো প্ৰশাসনে কোৱাৰেণ্টাইনত ৰখাৰ ব্যৱস্থা কৰিছে। 

ইফালে, এই ঘটনা বিয়পি পৰাৰ পিছতে মণিপুৰ চৰকাৰে সমগ্ৰ ৰাজ্যখনতে লকডাউন ঘোষণা কৰিছে। চৰকাৰৰ লগতে স্থানীয় লোকসকলেও নিজ নিজ অঞ্চলত বাঁহ তথা অন্যান্য সামগ্ৰীৰে প্ৰৱেশ পথত অস্থায়ী বেৰিকেড স্থাপন কৰি বাহিৰৰ পৰা অহা কোনো লোক যাতে মনে মনে প্ৰৱেশ কৰিব নোৱাৰে তাৰ ব্যৱস্থা কৰিছে বুলিও বাতৰি প্ৰকাশ পাইছে 'ইম্ফল টাইমছ’ত।

মণিপুৰ চৰকাৰৰ স্বাস্থ্য সেৱা সঞ্চালকালয়ে এক বিবৃতিযোগে জনোৱা মতে আজি পুৱাৰ ভাগত গ্ৰেট ব্ৰিটেইনৰ পৰা ঘূৰি অহা যুৱতীগৰাকীৰ দেহত কৰ’না পজিটিভ ধৰা পৰে। যুৱতীগৰাকীৰ ঘৰ পশ্চিম ইম্ফলৰ থাংমেইবেণ্ডত বুলিও বিবৃতিটোত উল্লেখ কৰা হৈছে। যুৱতীগৰাকীৰ সংস্পৰ্শলৈ অহা বাকী লোকসকলৰো সন্ধান আৰম্ভ কৰা হৈছে বুলিও বিবৃতিটোত জনাইছে স্বাস্থ্য বিভাগে।