নতুন দিল্লীঃ কৰ’না ভাইৰাছক লৈ উদ্ভৱ হোৱা পৰিস্থিতি সন্দৰ্ভত আজি পুনৰবাৰ দেশবাসীক উদ্দেশ্যি ভাষণ প্ৰদান কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মঙলবাৰে নিশা ৮ বজাত কৰ’না প্ৰসংগক লৈ আৰু এক ভাষণ প্ৰদান কৰাৰ কথা টুইটযোগে সদৰী কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে।

পুৱাৰ ভাগত টুইটযোগে মোদীয়ে জনাইছে, 'সমগ্ৰ বিশ্বতে মহামাৰী ৰূপ ধাৰণ কৰা COVID-19 সন্দৰ্ভত কেবাটাও গুৰুত্বপূৰ্ণ বিষয় লৈ আজি নিশা ৮ বজাত দেশবাসীক উদ্দেশ্যি ভাষণ প্ৰদান কৰিম।’

আজিৰ ভাষণটো হ’ব কৰ’নাক লৈ প্ৰধানমন্ত্ৰীৰ দ্বিতীয়টো ভাষণ। ইয়াৰ পূৰ্বে যোৱা বৃহস্পতিবাৰে কৰ’নাক লৈ প্ৰথমটো ভাষণ আগবঢ়াইছিল মোদীয়ে। উক্ত ভাষণত জনোৱা আহ্বান অনুসৰিয়েই যোৱা দেওবাৰে সমগ্ৰ দেশে পালন কৰিছিল জনতা কাৰ্ফিউ। 

এতিয়া আজিৰ দ্বিতীয়টো ভাষণত নিশা ৮ বজাত মোদীয়ে কি ঘোষণা কৰে তালৈ অধীৰ আগ্ৰহেৰে বাট চাই ৰৈছে দেশবাসীয়ে। উল্লেখ্য যে সোমবাৰে ভাৰতৰ বহু লোকেই লকডাউনক গুৰুত্বসহকাৰে লোৱা নাই বুলি ক্ষোভ প্ৰকাশ কৰিছিল মোদীয়ে।