Home দেশৰাজস্থানত বিসম্বাদ, ছত্তীশগড়ত ধান… মধ্যপ্ৰদেশ, তেলেংগানাত কোনে গাব জয়ৰ গান?

ৰাজস্থানত বিসম্বাদ, ছত্তীশগড়ত ধান… মধ্যপ্ৰদেশ, তেলেংগানাত কোনে গাব জয়ৰ গান?

by News Desk
A+A-
Reset
5 state-election

প্ৰথমে ৫ ৰাজ্যত ছেমি ফাইনেল, তাৰ পিছত ২০২৪ৰ ফাইনেল! এই বছৰতে অনুষ্ঠিত হ’ব দেশৰ ৫ খন গুৰুত্বপূৰ্ণ ৰাজ্যৰ বিধানসভা নিৰ্বাচন। সোমবাৰে অৰ্থাৎ ৯ অক্টোবৰত ভাৰতৰ নিৰ্বাচন আয়োগে ঘোষণা কৰিলে ৰাজ্য ৫ খনৰ নিৰ্বাচনৰ তাৰিখ। দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে সংবাদমেলৰ জৰিয়তে ৫ ৰাজ্য ক্ৰমে ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগড়, তেলেংগানা আৰু মিজোৰামৰ বিধানসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰাৰ পিছতে ৰাজ্য কেইখনৰ ৰাজনৈতিক দলৰ ৰণনীতিক লৈ আৰম্ভ হৈছে জল্পনা-কল্পনাৰ।

উল্লেখ্য যে, এইবছৰ অনুষ্ঠিত হ’বলগীয়া এই ৫ ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনৰ ফলাফলেই ২০২৪ত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ ফলাফলক লৈ এক ধাৰণা প্ৰদান কৰিব বুলি ইতিমধ্যে মন্তব্য কৰিছে বহু ৰাজনৈতিক বিশ্লেষকে। নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্য কেইখনৰ ২খনতেই আছে কংগ্ৰেছৰ শাসন। আনহাতে কেন্দ্ৰৰ শাসিত দল বিজেপিৰ হাতত আছে কেৱল মধ্যপ্ৰদেশ। তেলেংগানা আৰু মিজোৰামত বৰ্তমান আঞ্চলিক দলে অধিপত্য অক্ষুণ্ণ ৰাখিছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0