newsnextone.com | গুৱাহাটীঃ এজাক বৰষুণতে প্লাৱিত হৈ পৰে মহানগৰীৰ প্ৰায় প্ৰতিটো পথ-উপপথ। পৰিৱৰ্তনৰ সপোন দেখুৱাই গাদীত বহা বিজেপি চৰকাৰে দুবছৰ পাৰ কৰাৰ পিছতো কৃত্ৰিম বান পৰিস্থিতিৰ কোনো উন্নতি নঘটাত অসন্তুষ্টি প্ৰকাশ কৰিছে ভুক্তভোগী মহানগৰবাসীয়ে।

২০১৬ চনৰ বিধান সভা নিৰ্বাচনত বিজেপি দলে গুৱাহাটীত আটক ধুনীয়া কৰাৰ লগতে কৃত্ৰিম বানৰ পৰা মুক্ত কৰাৰ আশ্বাস দিছিল। ইমানে নহয় প্ৰধানমন্ত্ৰীয়ে নৰেন্দ্ৰ মোডীয়ে দেশৰ কেইবাখনো চহৰৰ লগতে গুৱাহাটী মহানগৰীক স্মাৰ্ট চিটি হিচাপে গঢ়ি তুলিবলৈ সংকল্প গ্ৰহণ কৰিছিল। কিন্তু বিজেপি দলে দিয়া সকলো প্ৰতিশ্ৰুটি ফুটুকাৰ ফেনত পৰিণত হ'ল। 

স্মাৰ্ট চিটি হোৱাটো দূৰৰ কথা আজিও এজাক বৰষুণতে সাগৰ সদৃশ পৰিস্থিতিৰ সৃষ্টি হয় মহানগৰীত। মানুহে ঘৰৰ পৰা ওলাব নোৱাৰা পৰিবেশৰ সৃষ্টি হয়। জনজীৱন ব্যাহত হৈ পৰে। কৃত্ৰিম বানৰ সমস্যা সমাধান কৰিবলৈ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে চৰকাৰে। কেৱল যোৱা সময়ছোৱাত নলা কেইটাৰ ঢাকনি উঠাই জাৱৰ খিনি চাফ কৰি দায়িত্ব সামৰে। স্থায়ী ভাৱে সমস্যা সমাধান কৰাৰ বাবে কোনো আঁচনি গ্ৰহণ নকৰিলে চৰকাৰে।

 দিন দিনেই কৃত্ৰিম বানে কাল ৰূপ ধাৰণ কৰিছে মহানগৰীত। এজাক বৰষুণতে জলমগ্ন হৈ পৰে জুৰোডে, যোৰাবাট, হাতীগাঁও আদি অঞ্চল। শুকুৰবাৰে দিনৰ ভাগত ডেৰ ঘণ্টা ধৰি দিয়া বৰষুণৰ ফলত ৰাজ্যৰ ৰাজাধানী গুৱাহাটী নহাগৰীত এক অবৰ্ণনীয় পৰিবেশৰ সৃষ্টি হয়। গুৱাহাটী মহানগৰীৰ মাজ মজিয়াত এবুকু পৰ্যন্ত পানী জমা হোৱাত যান-বাহনৰ চলাচল স্তদ্ধ হৈ পৰে। ৩৭নং ৰাষ্টীয় ঘাইপথৰ যোৰাবাট, খানাপাৰা অংশ পথৰ ওপৰেৰে পানী বাগৰি যোৱাৰ ফলত প্ৰায় দুঘণ্টা সময় ধৰি সৰু-বৰ গাড়ীৰ যাতায়াত বন্ধ হৈ পৰে। যোৰাবাটত ৰাষ্ট্ৰীয় ঘাইপথত সাগৰ সদৃশ পৰিস্থিতিৰ সৃষ্টি হোৱাত ৰাইজে যমৰ যাতনা ভূগিব লগা হয়। আনহাতে চানমাৰি-গণেশগুৰি পথত একাঠু পৰ্যন্ত পানী জমা হয়। 

মহানগৰীৰ ৰাক্মিণীগাঁৱত এগৰাকী প্ৰায় ১২ বছৰীয়া কিশোৰ নলাত সোমাই যায়। লেতেৰা সামগ্ৰী বিচাৰি ফুৰা কিশোৰজনে বৰষুণ দি থকাৰ সময়ত নলাৰ ওপৰেৰে খোজকাঢ়ি গৈ থকাৰ সময়তে পানীৰ ঢৌত নলাত সোমায় যায়। দৰিদ্ৰ ঘৰৰ পৰিয়ালৰ সন্তান জনৰ নাম নুৰুল বুলি জানিব পৰা যায়। এছডিআৰএফে অভিযান অব্যাহত ৰাখিছে যদিও এতিয়ালৈ উদ্ধাৰ কৰিব পৰা নায়।