newsnextone.com | হাইলাকান্দিঃ বৰাক উপত্যকাৰ হাইলাকান্দি জিলাৰ অসম-মিজোৰাম সীমান্তত কেইবাখনো গাঁৱৰ লোকে বানৰ কৱলত পৰি ককবকাব লগা হৈছে৷ প্ৰায় ৯ খন গাঁৱৰ লোকে সাহায্য নোপোৱাৰ লগতে প্ৰশাসনে সহায় নকৰাৰ অভিযোগ উত্থাপন হৈছে৷
দক্ষিণ হাইলাকান্দি উন্নয়ন খণ্ডৰ অধিনৰ ৯ গাঁও সম্পূৰ্ণ ৰূপে ডুব গৈছে৷ কিল্লাৰবাক, টুকুৰগ্ৰাম, ত্ৰিগংগা, জামিৰা, জামিৰা বাগান বস্তি, পালইছড়া, বলদাবলদি মণিপুৰ, দলাই বাগান, গুটগুটি, মণিপুৰ বাগান, নিস্কৰ আদি গাঁৱ যোৱা দুটা দিন পানীত ডুব গৈছে যদিও প্ৰশাসনে উদ্ধাৰ অভিযান নচলোৱাৰ অভিযোগ উত্থাপন হৈছে৷