newsnextone.com | গুৱাহাটীঃ উত্তৰ পূৰ্বাঞ্চল তথা অসমত বানে ভয়াবহ ৰূপ ধাৰণ কৰিছে৷ প্ৰায় ৫ লাখ লোক গৃহহাৰা হৈছে৷ খাদ্যৰ সংকটত পৰিছে বানাক্ৰান্ত লোকসকল৷ শিবিৰত খাদ্য সংকতে দেখা দিছে৷ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যত এতিয়া চৌদিশে হাহাকাৰ৷ কিন্তু ৰাজ্য সমূহৰ চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে যেনেদৰে সহায় কৰিব লাগিছিল তেনেদৰে সহায় নকৰাৰ অভিযোগ উত্থাপন হৈছে৷
দেশৰ আন প্ৰান্তত যেনেদৰে বান নতুবা প্ৰাকৃতিক দুৰ্যােগ হলে কেন্দ্ৰীয় চৰকাৰে খবৰ লয় নতুবা সাহায্য প্ৰদান কৰে তেনেদৰে উত্তৰ পূৰ্বাঞ্চলৰ তথা অসমৰ ক্ষেত্ৰত কৰা দেখা যোৱা নাই বুলি অভিযোগ উত্থাপন হৈছে৷