55
বঢ়মপুৰঃ ৰাজ্যত প্ৰলয়কাৰী বানে বিস্তৰ ক্ষতি সাধন কৰাৰ লগতে নিতৌ লৈ আহিছে মানুহৰ প্ৰাণ৷ ঘৰ-বৰ উটুৱাই নিয়াৰ লগতে প্ৰতি দিনে বানাক্ৰান্তৰ মৃত্যু হৈ থকাৰ মাজতে নগাঁও জিলাৰ চামগুৰিত বাঢ়নী পানীয়ে প্ৰাণ ললে এগৰাকী শ্ৰমিকৰ৷
ফেনে-ফোটোকাৰে বাঢ়ি অহা ন’নৈ নৈৰ বাঢ়নী পানীত পৰি জিতেন ওৰাং নামৰ লোকজনৰ মৃত্যু হয়৷ চামগুৰিৰ ভৰাগুৰিত এটি নিৰ্মাণৰত পথৰ শ্ৰমিকগৰাকীয়ে পথাৰৰ মাজলৈ মানি যোৱাত মৃত্যুক আকোৱালি লয়।