ৰঙিয়াঃ ৰাজ্যৰ কেইবাখনো জিলাৰ হেজাৰ হেজাৰ লোকে হাহাকাৰ কৰিব লগা হৈছে৷ ঘৰ-বাৰি এৰি আশ্ৰয় শিবিৰত থিতাপি থাকিব লগা হৈছে৷ ঘৰ-বৰ এৰি আশ্ৰয় শিবিৰত থকা লোকসকলে গৰাখহনীয়াৰ কবলত পৰি ককবকাই থাকিব লগা হৈছে৷
গৰাখহনীয়াৰ কবলত পৰি ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপ-নৈ সমূহৰ বুকুত জাহ গৈছে ঘৰ-বাৰী, কৃষিভূমি, স্কুল-কলেজ আদি৷ গৰাখহনীয়াৰ পৰা সাৰি যোৱা নাই নৈপৰীয়া৷ ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে কামৰূপৰ বৰলীয়া নৈৰ গৰাখহনীয়াই নিদ্ৰাহৰণ কৰিছে তুলসীবাৰী অঞ্চলৰ শ শ লোকক৷