126
জহিৰুল ইছলাম,বিলাসীপাৰাঃ বিলাসীপাৰা আন্তৰাষ্ট্ৰীয় হিন্দু পৰিষদ ৰাষ্ট্ৰীয় বজৰং দলৰ সভাপতি ৰঞ্জিত সৰকাৰ আৰু সম্পাদক অভিজিৎ মণ্ডলৰ উদ্যোগত আজি দিনজোৰা বিলাসীপাৰাত শিৱিৰে শিবিৰে উপস্থিত হৈ বান আক্রান্ত ৰাইজক খাদ্য বিতৰণ কৰে।
উল্লেখ্য যে, বান আক্রান্তৰ শিবিৰ কেইটা মান হ’ল বিলাসীপাৰা মহাবিদ্যালয়ৰ শিবিৰ, যুৱক সমিতি শিবিৰ, বিদ্যা নিকেতন শিবিৰ আদিকে ধৰি বিভিন্ন শিবিৰতে খাদ্য বিতৰণ কৰা বুলি জানিব পৰা গৈছে।