গুৱাহাটীঃ ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ৰাজ্যৰ দল-সংগঠনে বান পীড়িতক সাহায্য প্ৰদানৰ দাবীত প্ৰতিবাদ অব্যাহত ৰখাৰ সময়তে আজি মহিলাই মহানগৰীত বান সাহায্যৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে৷

মহানগৰীৰ দীঘলীপুখুৰীত আজি নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিয়ে চৰকাৰৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰি বান সাহায্য দিয়াত চৰকাৰ সম্পূৰ্ণ বিফল হোৱাৰ অভিযোগ উত্থাপন কৰে৷ হাতে হাতে প্লেকাৰ্ড লৈ মহিলাসকলে ৰাজ্য চৰকাৰ হায় হায়, গুৱাহাটীৰ কৃত্ৰিম বান সমস্যা সমাধান কৰক, বানপীড়িতক বিনামূলীয়া ঔষধ যোগান ধৰক, বান ক্ষতিগ্ৰস্তক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

অসমৰ ২৩ খন জিলাৰ ২৪৯৪ খন গাঁৱৰ লোক বানৰ কবলত পৰি ইতিমধ্যে বিস্তৰ ক্ষতিসাধন হোৱা বুলি কৈ প্ৰতিবাদী মহিলাসকলে চৰকাৰক অনতি পলমে ক্ষতিপুৰণ দিয়াৰ ব্যৱস্থা কৰাৰ দাবী জনায়৷

ইতিমধ্যে ৰাজ্যত কৃত্ৰিম বানপানীৰ ফলত বিদ্যুৎস্পৃষ্ট হৈ ২২জনকৈ লোকৰ মৃত্যু হোৱা কাৰ্যকো সমালোচনা কৰি বিয়াগোম বিদ্যুৎ বিভাগৰ চৰম গাফিলতিৰ বাবে এনে কাণ্ড সংঘটিত হোৱা বুলি অভিযোগ কৰে মহিলা সংগঠনটোৱে৷ বিভাগটোৰ বিষয়া-কৰ্মচাৰীক তদন্তৰ অাওতালৈ অানি কঠোৰ শাস্তি বিহাৰো দাবী জনায় চৰকাৰক।