78
বিশেষ প্ৰতিবেদনঃ সৌন্দৰ্য-সুগন্ধিৰ কাব্যিক বিৱৰণেৰে হয়তো অনাগত সময়ত কোনো গীতিকাৰে ৰচিব নোৱাৰিব সুৱদি গীত। ভৱিষ্যতে বহুদিন বকুলৰ মালা গোঁথা নাইৰ দৰে কালজয়ী গীতৰ সৃষ্টিৰ সম্ভাৱনাও শূন্য।
কবি-গীতিকাৰৰ হৃদয়ত আলোড়ন তুলিব পৰাকৈ এতিয়া পূৰ্বৰ শকতিও হেৰুৱাইছে বকুলে। একেই দশা খৰিকাজাইৰো। বতাহৰ বোকোচাত উঠি দশোদিশ ভ্ৰমণ কৰা ফুলৰ সুগন্ধি এতিয়া তেনেই কম।