বৰপেটাঃ বৰপেটা জিলাৰ উপায়ুক্ত থানেশ্বৰ মালাকাৰে বুধবাৰে ৫টা গ্ৰাম্য পথৰ আধাৰশিলা স্থাপন কৰে৷ বহৰিত এমজি এনৰেগা আঁচনিৰ ধনেৰে নিৰ্মাণ হ’বলগীয়া পাঁচটা পথৰ আধাৰশিলা স্থাপন কৰে বৰপেটাৰ জিলা উপায়ুক্ত থানেশ্বৰ মালাকাৰে৷ বৰক্ষেত্ৰী সমষ্টিৰ বিজেপি বিধায়ক নাৰায়ন ডেকা আৰু অসম ঔদ্যোগিক উন্নয়ন নিগমৰ উপাধ্যক্ষ জিতু তালুকদাৰৰ উপস্থিতিত বহৰি গাঁও পঞ্চায়ত আৰু বহৰি আঞ্চলিক পঞ্চায়তৰ জৰিয়তে ৰূপায়িত হ’বলগীয়া আধাৰশিলা স্থাপন কৰি জিলা উপায়ুক্তগৰাকীয়ে বৰ্তমানৰ ৰাজ্য চৰকাৰখনে গাঁৱৰ সমস্যা সমাধান কৰাত গুৰুত্ব আৰোপ কৰা বুলি প্ৰকাশ কৰে৷
গাঁৱৰ ৰাস্তা ঘাটকে ধৰি বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত গাঁও পঞ্চায়ত সমুহৰ জৰিয়তে চৰকাৰে যোগান ধৰা প্ৰতিটো টকা ব্যয় কৰাৰ ক্ষেত্ৰত গাঁৱৰ ৰাইজৰ সক্ৰিয় সহযোগিতা অতিকে প্ৰয়োজনীয় বুলি মন্তব্য কৰে উপায়ুক্ত গৰাকীয়ে৷ আনহাতে বহৰি সত্ৰত উপস্থিত হৈ সত্ৰ চৌহদৰ ভেটি নিৰ্মাণ কামৰ আধাৰশিলা স্থাপন কৰে৷ ইয়াৰ উপৰিও সত্ৰ চৌহদৰ কাষৰ লক্ষ্মী মন্দিৰৰ পকী দেৱাল নিৰ্মানৰো আধাৰশিলা স্থাপন কৰে উপায়ুক্ত গৰাকীয়ে৷ বহৰি গাঁও পঞ্চায়তৰ জৰিয়তে ১৫ লাখ টকা ব্যয়ৰে ভেটি নিৰ্মাণ আৰু ৫ লাখ টকা ব্যয়েৰে পকী দেৱাল নিৰ্মানৰ আধাৰশিলা স্থাপনৰ পিচতেই সত্ৰৰ অতিথিশালাত এখন সভাত অংশগ্ৰহন কৰে উপায়ুক্তগৰাকীয়ে৷