যমুনামুখঃ হোজাই জিলাৰ যমুনামুখৰ পটিয়াপথাৰ গাঁৱত আজি খাদ্য বিষক্ৰিয়া ঘটি দুটি শিশু আৰু এজন কিশোৰসহ একেটা পৰিয়ালৰ চাৰিজন লোক অসুস্থ হয়৷ দোকানৰ পৰা কিনি অনা ৫ টকীয়া ৰিং পাপৰ পেকেট খাই তেজ বমি কৰি হৈ গুৰুতৰভাৱে অসুস্থ হৈ পৰে আটাইকেইজন লোক।
লগে লগে স্থানীয় ৰাইজৰ তৎপৰতাত অসুস্থ কেইজনক যমুনামুখ প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰা হয়। আটাইকেইজনৰ অৱস্থা সংকটজনক হোৱাত তাৰ পৰা তেওঁলোকক উন্নতমানৰ চিকিৎসাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয় লৈ প্ৰেৰণ কৰা হয়৷