Home ক্ৰীড়াতলাংফেৰ এম এ চি কাপঃ ৰজাপথাৰ চূড়ান্ত বিজয়ী

তলাংফেৰ এম এ চি কাপঃ ৰজাপথাৰ চূড়ান্ত বিজয়ী

by News Desk
A+A-
Reset
ball

ডিফুঃ বকলীয়াঘাটৰ ক্ৰীড়া সন্থাৰ খেলপথাৰত চলি থকা প্ৰথম লাংফেৰ এম এ চি কাপৰ আজি অনুষ্ঠিত হোৱা চূড়ান্ত খেলখনত ৰজাপথাৰ ক্ৰীড়া সন্থাই ফংলকপেট ক্লিৰদাপ ক্লাৱক ৫-০ গলৰ ব্যৱধানত পৰাস্ত কৰি চেম্পিয়নৰ খিতাপ অৰ্জন কৰে। বিজয়ী দলটোক ট্ৰফী আৰু নগদ ৫০,০০০ টকা আৰু ৰানাৰ্ছ আপ দলক ২৫,০০০ টকাৰে পুৰস্কৃত কৰা হয়। প্ৰতিযোগিতাত তৃতীয় স্থান লাভ কৰা ৰেইনব’ এফ চিক দহ হাজাৰ টকাৰে পুৰস্কৃত কৰা হয়। আনহাতে, অজয় ৰংহাঙক শৃংখলাৰ শ্ৰেষ্ঠ খেলুৱৈ, বিতোপন হুকাইক শ্ৰেষ্ঠ গলদাতা আৰু মণিৰাম চিংথঙক শ্ৰেষ্ঠ গলৰক্ষকৰ বঁটা প্ৰদান কৰা হয়৷ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা মুঠ ২৭ টা দলক একোটাকৈ ফুটবল প্ৰদান কৰা হয়।  মুখ্য অতিথি ৰূপে উপস্থিত থকা কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে পূব আৰু পশ্চিম কাৰ্বি আংলঙৰ ২৬ টা পৰিষদীয় সমষ্টিত ক্ৰীড়াক অগ্ৰাধিকাৰ দিয়াৰ বাবে অতি শীঘ্ৰে বিত্তীয় অনুদান আগবঢ়োৱা হ’ব বুলি ঘোষণা কৰে৷ লগতে আজিৰ অনুষ্ঠানৰ লগত সংগতি ৰাখি ‘কমনা’ নামৰ আলোচনীৰো শুভ উন্মোচন কৰে মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে৷ অনুষ্ঠানটোত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ, পৰিষদৰ কাৰ্যবাহী সদস্য খনচিং ৰংপি, ৰতন টেৰণ, প্ৰদীপ ৰংপি, পৰিষদীয় সদস্য ৰামছিং তিমুং, হৰেনচিং বে, ৰিচাৰ্ড টকবি আদি উপস্থিত থাকে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0