পাভৈঃ বিশ্বনাথৰ ধুলিত ১০ ছেপ্তেম্বৰৰ পৰা অনুষ্ঠিত হ’ব জনবস্ক চেলেঞ্জ ট্ৰফী-২০১৭৷ মাদাৰ মেৰী য়ুথ ক্লাৱৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত ধুলি চাহ বাগিচা খেল পথাৰত অনুষ্ঠিত হ’বলগীয়া ফুটবল প্ৰতিযোগিতা নিয়াৰিকৈ পৰিচালনা কৰিবলৈ জন ৰবিনচন এক্কাক সভাপতি আৰু জন আৰ্তীশ টপ্পক সম্পাদক হিচাপে লৈ পৰিচালনা সমিতি গঠন কৰা হৈছে।

বিজয়ী দলক চলন্ত ট্ৰফীৰ লগতে নগদ ত্ৰিশ হাজৰ আৰু ৰাণাৰ্চআপ দলক চলন্ত ট্ৰফীৰ লগতে দহ হাজাৰ টকাৰে পুৰস্কৃত কৰিব। আনহাতে এগৰাকী সুখেলুৱৈ আৰু চেম্পিয়ন গলকীপাৰ নিৰ্বাচন কৰি ক্ৰমে এহেজাৰ আৰু পাঁচশ টকাৰে পৰস্কৃত কৰিব৷ ১০ চেপ্তেম্বৰৰ পৰা অনুষ্ঠিত হ'বলগীয়া ফুটবল খেল প্ৰতিযোগিতাত ৰজ্যখনৰ বহু কেইটা অগ্ৰনী ফুটবল দলে অংশগ্ৰহণ কৰিব।

আনহাতে ১০চেপ্তেম্বৰৰ উদ্বোধণী অনুষ্ঠানত সুদূৰ ঝাৰখণ্ডৰ জনপ্ৰিয় কন্ঠশিল্পী তথা "চলত' গয়া ৰে আম্বা বাগাইছা, ঝুলাৰে ঝুলব" শীৰ্ষক গীতৰ জৰিয়তে সমগ্র দেশতে তোলপাৰ লগোৱা মনোজ চেহৰী, গীতটোৰ নৃত্য শিল্পী ঝাৰখণ্ডী দীনেশ দেৱা আৰু ঝাৰখণ্ডী ভাষাৰ বিভিন্ন সফল ব্যৱসায়িক ভিডিঅ ছবিৰ সফল পৰিচালক গোলাম ৰচুল উপস্থিত থাকি অনুষ্ঠান পৰিবেশ কৰিব।

উল্লেখযোগ্য যে বিগত বৰ্ষৰ উদ্ধোধনী অনুষ্ঠানত বলিউডৰ গায়িক অসম জীয়ৰী নাহিদ আফ্ৰিনে অনুষ্ঠান পৰিবেশন কৰিছিল। অষ্টম বাৰ্ষিক ফুটবল প্ৰতিযোগিতাৰ উদ্ধোধনী অনুষ্ঠানত স্থানীয় শিল্পী তথা কলাকুশলী সকলে বিভিন্নৰঙী অনুষ্ঠান পৰিবেশন কৰিব। বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিশ্বনাথ জিলাৰ উপায়ুক্ত, জিলা আৰক্ষী অধীক্ষক, প্ৰাক্তন মন্ত্ৰী নুৰজামাল সৰকাৰ, প্ৰবীন হাজৰিকাৰ উপৰিও বহু গন্যমান্য ব্যক্তি উপস্থিত থাকিব।