দলংঘাটঃ মঙলদৈ ক্ৰীড়া সন্থাৰ উদ্যোগত চলি থকা ৩৮ সংখ্যক অম্বা মেধি সোঁৱৰণী আমন্ত্ৰণী মূলক ফুটবল খেলৰ ফাইনেলত আজি ওদালগুৰি জিলাৰ কবিৰালি এফ চিয়ে খিতাপ দখল কৰিবলৈ সক্ষম হয়। অসম ৰাজ্যিক বিদ্যুত পৰিষদ স্পৰ্টচ ক্লাৱক ট্ৰাইবেকাৰৰ সহায়ত পৰাস্ত কৰি খিতাপ দখল কৰিবলৈ সক্ষম হয়।
নিৰ্ধাৰিত সময়লৈকে ১-১ গলত খেলখন ড্ৰ হৈ আছিল। মঙলদৈ উকিল সন্থাৰ সভাপতি মাধৱ ৰাজবংশীয়ে উদ্বোধন কৰা খেলখন প্ৰথমৰ পৰা উত্তেজনাপূৰ্ণ হৈ আহিছিল। শ্ৰেষ্ঠ খেলুৱৈ সন্মান দীপ বাগলাৰি বিদ্যাৰাম মেধি সোঁৱৰণী ট্ৰফী আৰু শ্ৰেষ্ঠ গলৰক্ষক হিচাপে কবিৰালি এফ চিৰ মহেশ চুৰেনত পতিৰাম ডেকা সোঁৱৰণী ট্ৰফী প্ৰদান কৰা হয়।