ৰঙিয়া/তুলসীবাৰীঃ ৰঙিয়াৰ চহৰৰ সমীপৰ ঢোলকুছিত সত্যকাম সংঘ আৰু যুৱ সমন্বয় উন্নয়ন সমিতিৰ উদ্যোগত স্থানীয় সংঘৰ খেল পথাৰত অনুষ্ঠিত ফুটবল প্ৰতিযোগিতাৰ মঙলবাৰে চূড়ান্ত খেল খন অনুষ্ঠিত হৈ যায়৷ ধাৰেশ্বৰ দাস আৰু নৰেশ্বৰ দাস সোঁৱৰণী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেল খন ঢোলকুছি ট্ৰাইবেল সংঘ আৰু জাৰকোনা জংগল ক্লাবৰ মাজত অনুষ্ঠিত হয়।

উত্তেজনাপূৰ্ণ খেল খন ১১ গলত ড্ৰ হোৱাত ট্ৰাইবেকাৰত ৪৩ গলত ঢোলকুছি ট্ৰাইবেল সংঘ জয়ী হৈ ফাইনেলৰ চেম্পিয়ন খিতাপ অৰ্জন কৰে। খেল খন পৰিচালনা কৰে ৰেফাৰী পহৰেদ আলী আহমেদ, সতীশ ডেকা, বাহাৰুল ইছলাম আৰু শ্ৰীকান্ত দাসে। ফাইনেল খেলখনৰ উদ্বোধন কৰে ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতা আৰু বিটিএডিৰ ইএম মহেশ্বৰ বসুমতাৰীয়ে।

ফাইনেল খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে জাৰকোনা জংগল ক্লাবৰ খেলুৱৈ বিপুল বড়ো আৰু প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ বঁটা লাভ কৰে ঢোলকুছি ট্ৰাইবেল সংঘ খেলুৱৈ বিলম বড়োয়ে।