63
দলংঘাটঃ মঙলদৈ ক্ৰীড়া সন্থাৰ উদ্যোগত চলি থকা ৩৮ সংখ্যক অম্বা মেধি সোঁৱৰণী ফুটবল প্ৰতিযোগিতাত অসম ৰাজ্যিক বিদ্যুৎ পৰিষদে ছেমি ফাইনেলত প্ৰবেশ কৰিছে।
আজি অনুষ্ঠিত হোৱা অন্তিমখন কোৱাৰ্টাৰ ফাইনেলত অসম ৰাজ্যিক বিদ্যুৎ পৰিষদে বড়োলেণ্ড আৰ্মী ফুটবল ক্লাব ওদালগুৰিক ৩-০ গলত পৰাজিত কৰে। মঙলবাৰে অনুষ্ঠিত হ’বলগীয়া প্ৰথম খন ছেমিফাইনেলত ধূপধৰা এফ চি আৰু কবিৰালি ক্লাব মুখামুখি হ’ব।