The Shillong
The Shillong

দলংঘাটঃ মঙলদৈ ক্ৰীড়া সন্থাৰ উদ্যোগত চলি থকা ৩৮ সংখ্যক অম্বা মেধি সোঁৱৰণী ফুটবল প্ৰতিযোগিতাত অসম ৰাজ্যিক বিদ্যুৎ পৰিষদে ছেমি ফাইনেলত প্ৰবেশ কৰিছে।

আজি অনুষ্ঠিত হোৱা অন্তিমখন কোৱাৰ্টাৰ ফাইনেলত অসম ৰাজ্যিক বিদ্যুৎ পৰিষদে বড়োলেণ্ড আৰ্মী ফুটবল ক্লাব ওদালগুৰিক ৩-০ গলত পৰাজিত কৰে। মঙলবাৰে অনুষ্ঠিত হ’বলগীয়া প্ৰথম খন ছেমিফাইনেলত ধূপধৰা এফ চি আৰু কবিৰালি ক্লাব মুখামুখি হ’ব।

ইফালে চপাই যুৱ কল্যাণ কেন্দ্ৰৰ উদ্যোগত চলি থকা ১৬ সংখ্যক অনন্ত চন্দ্ৰ চৌধুৰী সোঁৱৰণী চলন্ত ট্ৰফী আৰু প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাত গেলাইডিঙি বড়ো স্পৰ্টচ ক্লাবে হাজৰীকা পাৰা আঞ্চলিক ক্ৰীড়া সন্থাক ২-১ গলত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে।