কাৰ্বি যুৱকক ফুটবলৰ প্ৰশিক্ষণ দিব মাৰ্কাছে

 | by NNO Correspondent  |  0
Printer-friendly version

খেৰণিঃ পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিত খেৰণি ক্ৰীড়া সংস্থাৰ সহযোগত বুধবাৰৰ পৰা অনুষ্ঠিত হৈছে পুৰুষৰ ফুটবল প্ৰশিক্ষণ শিবিৰ। খেৰণি খেলপথাৰত পোন্ধৰদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ফুটবল প্ৰশিক্ষণ শিবিৰ জিলা ক্ৰীড়া বিষয়া ৰিলিফ ৰংহাং, কাৰ্বি আংলং ক্ৰীড়া সংস্থাৰ সম্পাদক পংকজ টেৰণ, সহ-সম্পাদক ক্লেন্দুন টেৰণ, খেৰণি ক্ৰীড়া সংস্থাৰ সভাপতি ধনছিং ডেৰাক, কপিলি সমষ্টিৰ গাঁও উন্নয়ন সমিতিৰ অধ্যক্ষ হনছিং টেৰাং, খেৰণি অঞ্চলৰ বিশিষ্ট ব্যক্তি, সমাজসেৱক, খেলুৱৈৰ উপস্থিতিত আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। 

কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদ আৰু জিলা ক্রীড়া বিভাগৰ উদ্যোগত অনুষ্ঠিত প্ৰশিক্ষণ শিবিৰত উদীয়মান যুৱ খেলুৱৈ অংশগ্ৰহণ কৰে৷ শিবিৰৰ খেলুৱৈসকলক প্ৰশিক্ষণ প্ৰদান কৰাৰ বাবে কোকৰাঝাৰৰ পৰা আহিছে প্রশিক্ষক মাৰ্কাছ বসুমতাৰী। মাৰ্কাছ বসুমতাৰী কেৱল প্ৰশিক্ষকে নহয় এগৰাকী সুদক্ষ খেলুৱৈও আৰু বৰ্তমানো তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন ফুটবল ক্লাবৰ হৈ খেল প্ৰদৰ্শন কৰি ক্ৰীড়া জগতত এক সুনাম অৰ্জন কৰিছে৷ 

অনুষ্ঠানত উপস্থিত হোৱা জিলা ক্ৰীড়া বিষয়া ৰিলিফ ৰংহাঙে আজিৰ দিনত ক্ৰীড়া কেৱল মানসিক সন্তুষ্টি, আনন্দ অথবা প্ৰমোদ প্ৰদানতে সীমাবদ্ধ হৈ থকা নাই, এগৰাকী প্ৰতিষ্ঠিত ব্যক্তি হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত ক্ৰীড়াৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে বুলি কয়। ক্ৰীড়াৰ জৰিয়তে বিভিন্ন শৈলী, ক'লা-কৌশল আদি আয়ত্ব কৰি ক্ৰীড়াক জীৱনৰ এক অপৰিহাৰ্য্য অংশ হিচাপে গুৰুত্ব আৰোপ দিব লাগে বুলি কয় নৱ প্ৰজন্মক। 

পিছপৰা অঞ্চল, অন্যান্য সমস্যা বা আৰ্থিক দৈন্যতাকো নেওচি এগৰাকী ব্যক্তিয়ে সুদক্ষ আৰু জনপ্ৰিয় খেলুৱৈ হ’ব পাৰে। যিদৰে এলেন দেউৰী, হলিচৰণ নাৰ্জাৰী, দুৰ্গা বড়ো আদি খেলুৱৈসকল পিছপৰা অঞ্চলৰ যদিও ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত অংশ লৈ এওঁলোকে সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে ঠিক তেনেদৰে আমাৰ এনেবোৰ পিছপৰা অঞ্চলৰ পৰাও এগৰাকী সুদক্ষ, জনপ্ৰিয় খেলুৱৈ হিচাপে গঢ় দিবলৈ অথবা যুৱ খেলুৱৈয়ে ক্ৰীড়াক জীৱনৰ অন্যতম লক্ষ্য হিচাপে লৈ আগবাঢ়ি যাব লাগে বুলি আহ্বান জনাই খেলুৱৈসকলক।