72
মাৰ্ঘেৰিটাঃ তিনিচুকীয়া জিলাৰ ডিগবৈ বন সংমণ্ডলৰ অন্তৰ্গত জাগুণ বন বিষয়াৰ কাৰ্য্যালয়ৰ অধীনস্থ নামফাই সংৰক্ষিত বনাঞ্চলত আজি বন বিভাগে আৰক্ষীৰ সহযোগত উচ্ছেদ অভিযান চলায়।
এই অভিযানত বন বিভাগৰ দলটোৱে বিগত প্ৰায় ৬মাহ ধৰি শদিয়া, ধেমাজি, লখিমপুৰ আদি অঞ্চলৰ বানবিধ্বস্ত লোক বুলি নিজকে পৰিচয় দি জুপুৰী সাজি বনাঞ্চল বেদখল কৰি অহা শতাধিক পৰিয়ালক উচ্ছেদ কৰে। স্থানীয় লোকৰ অভিযোগ মতে, এই লোকসকলৰ একাংশ বনাঞ্চলৰ চোৰাং কাঠৰ বেহাৰ লগত প্ৰত্যক্ষভাৱে জড়িত।