70
চৰাইদেউঃ বনমন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই বনাঞ্চল ৰক্ষা কৰিবলৈ বন বিভাগক কঠোৰ নিৰ্দেশনা জাৰি কৰি আহিছে যদিও চৰাইদেউ জিলাত অসাৰ প্ৰতিপন্ন হৈছে এই নিৰ্দেশ।
জিলাখনৰ চলা সংৰক্ষিত বনাঞ্চলত দীৰ্ঘদিন ধৰি বাধাহীনভাৱে দুৰ্বৃত্তই মূল্যবান গছ কাটি তহিলং কৰি আহিছে। ইয়াৰ মাজতে যোৱা বুধবাৰৰ নিশা আন এজোপা মূল্যবান গছ দুৰ্বৃত্তই কাটি নিয়া ঘটনা পোহৰলৈ আহিছে।