কোকৰাঝাৰঃ ৰাজ্যৰ বহু ৮-৯ বছৰৰ শিশুৱে শ্ৰমিকৰ হিচাপে আনৰ চাহৰ হোটেলত-দোকানত কাম কৰিব লগা হয়৷ দৰিদ্ৰতাৰ বাবে পৰিয়ালক সহায় কৰাৰ স্বাৰ্থত আনৰ ঘৰত বনকৰা শ্ৰমিক হিচাপে থাকিবলৈ বাধ্য হয়৷ ভয়াবহ শ্ৰমৰ বোজা লব লগা হয় বহু শিশুৱে। যাৰ ফলত কলিতে মৰহি যায় বহু ভৱিষ্যৎ৷ বহু শিশু শ্ৰমিকে কাম কৰা আজিও দেখা যায়। শিশুক শ্ৰমিক ঘৰত কাম কৰাকৈ ৰখাটো এক অপৰাধ বুলি গণ্য কৰা হৈছে৷
অপৰাধ বুলি গণ্য কৰাৰ পিছতো বিটিএডিৰ বন বিভাগৰ চি এইচ ডি তানীন্দ্ৰ স্বৰ্গিয়াৰীৰ ঘৰত গোসাইগাঁৱৰ প্ৰায় বাৰ বছৰীয়া নাবালিকা এগৰাকীক বিগত দুই বছৰে বনকৰাকৈ ৰাখি শাৰীৰিক-মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে৷ ইতিমধ্যে ঘটনাক ৰাজ্যিক শিশু অধিকাৰ আয়োগে গুৰুত্ব সহকাৰে লৈ তদন্ত আৰম্ভ কৰিছে। ইতিমধ্যে কোকৰাঝাৰ আৰক্ষীয়ে উক্ত ঘটনা সন্দৰ্ভত কোকৰাঝাৰ থানাত ক্ৰমে ৩৭০/১৩/১৪/৭৫ ধাৰাত ৮৩/১৮ নম্বৰত এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।