56
বেকাজানঃ পাহাৰীয়া জিলা কাৰ্বি আংলংৰ বোকাজান বিধানসভা সমষ্টিৰ অন্তৰ্গত সৰিয়হজান আৰু বোকাজান নগৰত দেওবাৰে দুটাকৈ পথৰ আধাৰশিলা স্থাপন কৰে বোকাজান বিধানসভা সমষ্টিৰ বিধায়ক ডা০ নোমল ম’মিনে৷
বৰজান পৰিষদীয় সমষ্টিৰ অন্তৰ্গত সৰিয়হজান বজাৰৰ পৰা সৎসংগ হৈ ৩৮০ মিটাৰ পথ আৰু বোকাজান পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বোকাজান নগৰৰ পুৰণা এনডি পথৰ পৰা টেঙাহোলা হৈ নাওঘাটলৈ ৪৮০ মিটাৰ পথৰ আধাৰশিলা স্থাপন কৰে বিধায়কগৰাকীয়ে৷