বোকাজানঃ পাহাৰীয়া জিলা কাৰ্বি আংলংত প্ৰথমবাৰৰ বাবে লকডাউন অমান্য কৰাৰ বাবে আটক হ’ল চাৰিজন ব্যক্তি৷ আজি সন্ধিয়াৰ ভাগত আটক হয় লোক কেইজন ৷ সন্ধিয়াৰ ভাগত জিলাখনৰ সদৰ চহৰ ডিফুৰ পাৱাৰ হাউছ বজাৰ এলেকাত বিনা কাৰণত ঘূৰি ফুৰাৰ বাবে আটক হ’ল লোক কেইজন৷
ডিফু নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হাওকাম চাংচনৰ নেতৃত্ব আৰক্ষীৰ এক টহলদাৰী দলে বিনা কাৰণত ঘূৰি থকাৰ বাবে আটক কৰে লোক কেইজনক৷ আটকাধীন লোক কেইজন হৈছে ক্ৰমে জয় লাল দাস, সঞ্জয় ছাহ, হৃত নাৰায়ণ প্ৰসাদ আৰু ছইদুল হক৷