বোকাজানঃ পাহাৰীয়া জিলা কাৰ্বি আংলংত প্ৰথমবাৰৰ বাবে লকডাউন অমান্য কৰাৰ বাবে আটক হ'ল চাৰিজন ব্যক্তি৷ আজি সন্ধিয়াৰ ভাগত আটক হয় লোক কেইজন ৷ সন্ধিয়াৰ ভাগত জিলাখনৰ সদৰ চহৰ ডিফুৰ পাৱাৰ হাউছ বজাৰ এলেকাত  বিনা কাৰণত ঘূৰি ফুৰাৰ বাবে আটক হ'ল লোক কেইজন৷

ডিফু নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হাওকাম চাংচনৰ নেতৃত্ব আৰক্ষীৰ এক টহলদাৰী দলে বিনা কাৰণত ঘূৰি থকাৰ বাবে আটক কৰে লোক কেইজনক৷ আটকাধীন লোক কেইজন হৈছে ক্ৰমে জয় লাল দাস, সঞ্জয় ছাহ, হৃত নাৰায়ণ প্ৰসাদ আৰু ছইদুল হক৷

ঘটনা সন্দৰ্ভত ডিফু আৰক্ষী থানাত এক গোচৰ পঞ্জীয়ন কৰা হৈছে বুলি আৰক্ষী সূত্ৰে প্ৰকাশ৷ উল্লেখ্য যে লকডাউনৰ নিয়ম অমান্য কৰি ডিফু চহৰত অনাহকত টিঘিলঘিলাই ফুৰা একাংশ লোকৰ বাবেই ডিফু আৰক্ষী এই ক্ষেত্ৰত কঠোৰ হোৱা পৰিলক্ষিত হৈছে৷