যোৰহাটঃ অসমত কৰ’নাত আক্ৰান্তৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পোৱালৈ চাই লকডাউনৰ সময় বঢ়োৱা হ’ব পাৰে বহুতে আংশকা কৰাৰ সময়তে তেনে কোনো সম্ভাৱনাৰ কথা নুই কৰিছে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। ১৪ এপ্ৰিলত লকডাউনৰ অন্ত পৰাৰ পিছতে ৰোগবিধৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে নতুন বিকল্প কি কৰিব পৰা যাব সেই সম্পৰ্কে চৰকাৰে চিন্তা-চৰ্চা কৰি থকাৰ কথাও সদৰী কৰে মন্ত্ৰীগৰাকীয়ে।

'আমি লকডাউন বৃদ্ধি কৰাৰ কথা ভবাই নাই। সম্ভাৱনাও নাই। আমি ইয়াৰ বিকল্পৰ বিষয়ে চিন্তা-চৰ্চা কৰি আছো। ৰাইজ শংকিত হোৱাৰ কোনো প্ৰয়োজন নাই।’-যোৰহাট মেডিকেল কলেজ হাস্পতাল পৰিদৰ্শন কৰি শনিবাৰে এইদৰে কয় মন্ত্ৰীগৰাকীয়ে।

তেওঁ আৰু কয়, 'প্ৰধানমন্ত্ৰীয়ে আমাক ৰাইজৰ লগত কথা পাতিবলৈ কৈছে। প্ৰত্যেকখন ৰাজ্যৰ চৰকাৰকে প্ৰধানমন্ত্ৰীৰ তৰফৰ পৰা কোৱা হৈছে যাতে ডাক্তৰ, বুদ্ধিজীৱী, সমাজকৰ্মীকে আদি কৰি সকলোৰে লগত কথা পাতি বিকল্প ব্যৱস্থা গ্ৰহণ কৰিব পাৰি।”

লকডাউনৰ বিকল্প কেনেধৰণৰ হ’ব পাৰে সেই সম্পৰ্কতো মন্ত্ৰীগৰাকীয়ে কয়, “বিদ্যালয়, বিশ্ববিদ্যালয়সমূহ লকডাউন শেষ হোৱাৰ পাছতো বন্ধ ৰাখিব পৰা যায় নে নাই আৰু কাৰ্যালয় সমূহত ৫০ শতাংশ উপস্থিতি কৰি ৰাখিব পাৰি নে নোৱাৰি আদি ধৰণৰ কথাবোৰ বিবেচনা কৰি থকা হৈছে। ধৰি ল’লো এটা নিৰ্দেশ দিয়া হ’ব যে কৰ’না থকালৈকে বদলি নিযুক্তি বন্ধ হৈ থাকিব। এইধৰণৰ বিকল্পবোৰ আমি ল’ব পাৰো।”

লকডাউনৰ পৰৱৰ্তী সময়ছোৱাত চিনেমা হল, বিউটি পাৰ্লাৰ, লাইব্ৰেৰী, সাপ্তাহিক বজাৰ আদি বন্ধ ৰখা হ’ব পাৰে বুলিও মন্ত্ৰীগৰাকীয়ে সম্ভাৱনা ব্যক্ত কৰে। তেওঁ কয়, 'প্ৰয়োজনত দোকানসমূহ পুৱা ৫ বজাৰ পৰা ১২ বজালৈকে খোলা থাকিব। কিন্তু একেলগে যাতে মানুহ গোট খাই থাকিব নোৱাৰে তাৰ ব্যৱস্থা কৰিব  লাগিব। কাৰণ জীৱনটো আমাৰ সকলোৰে নিজৰ, গতিকে নিজেও সাৱধান হ’বই লাগিব।”