56
গুৱাহাটীঃ মহানগৰীৰ জ্যোতিকুছিত অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰণালয়ৰ তত্বাৱধানত আগশাৰীৰ স্বেচ্ছাসেৱী সংস্থা ‘নিদানৰ উদ্যোগত ১ মে’ত জ্যোতিকুছি প্ৰাথমিক বিদ্যালয়ত এটি বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়।
প্ৰায় ডেৰ শতাধিক লোকে শিবিৰত অংশগ্ৰহণ কৰি স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিনামূলীয়া ঔষধো গ্ৰহণ কৰে। শিবিৰটো মুকলি কৰে পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই।