মঙলদৈঃ দুদিনীয়া ভ্ৰমণসূচীৰে মঙলদৈত উপস্থিত হোৱা প্ৰদেশ কংগ্ৰেছৰ নৱ-নিযুক্ত সভাপতি গৌৰৱ গগৈয়ে আজিও কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে৷ আজি জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত ৰাজ্যিক কংগ্ৰেছ কমিটীৰ সভাপতি সাংসদ গৌৰৱ গগৈয়ে দলীয় নেতা-কৰ্মীসকলক সম্বোধন কৰে। এই সভাতেই বিগত পঞ্চায়ত নিৰ্বাচনৰ কংগ্ৰেছৰ চিহ্নত জয়লাভ কৰা প্ৰাৰ্থীসকলক সম্বৰ্ধনা জনায়।
সভাত সভাপতি গৌৰৱ গগৈয়ে বিজেপিৰ দুৰ্নীতিসমূহ ৰাইজৰ মাজলৈ লৈ যাবলৈ আহ্বান জনায় দলীয় কৰ্মীসকলক৷ সভাৰ শেষত সাংবাদিকৰ সন্মুখত কংগ্ৰেছ সভাপতি গৌৰৱ গগৈয়ে কয় যে নিৰ্বাচনৰ পূৰ্বে বহিঃৰাজ্যৰ পৰা অহা আৰএছএছৰ নেতাই পৰিবেশ বিনষ্ট কৰিছে৷ বহিঃৰাজ্যৰ ৰাজ্যৰ পৰা অহা আৰএছএছ নেতা-কৰ্মীক পঞ্জীয়ন কৰিবলৈ অসম আৰক্ষীক আহ্বান জনায়।