48
গৌৰীসাগৰঃ বাৰিষা আহিলেই যেন কাল অমানিশা নামি আহে ৰূপহীমুখীয়া অঞ্চললৈ৷ শিৱসাগৰ জিলাৰ পশ্চিম প্রান্তৰ এই অঞ্চলটোত বহ্মপুত্রৰ প্রৱল বানে প্ৰতিবছৰে বিস্তৰ ক্ষতি সাধন কৰি আহিছে৷
এইবাৰো বিগত কেইবাদিনো ধৰি বানৰ কবলত পৰিছে অঞ্চলটো৷ অঞ্চলটোৰ ৰাস্তা-পদুলি, ঘৰ-দুৱাৰ, বিদ্যালয় সকলো পানীত বুৰ গৈছে৷ ফলত যোৱা কেইবাদিন ধৰি নাৱেৰে আহ-যাহ কৰিব লগীয়া হৈছে জনসাধৰণে৷