Home দেশঘোষণা হ’ল লোকসভা নিৰ্বাচনৰ সময়সূচী! সংবাদমেলত প্ৰশ্নবাণৰ সন্মুখীন নিৰ্বাচন আয়োগ

ঘোষণা হ’ল লোকসভা নিৰ্বাচনৰ সময়সূচী! সংবাদমেলত প্ৰশ্নবাণৰ সন্মুখীন নিৰ্বাচন আয়োগ

by News Desk
A+A-
Reset
vote-election

এফালে নাগৰিকত্ব সংশোধনী আইনক লৈ দেশজুৰি প্ৰতিবাদৰ উকমুকনি, আনফালে নিৰ্বাচনী বণ্ডৰ ফাদিল তথ্যক লৈ স্তম্ভিত দেশবাসী! দেশত ঘটি থকা এনেবোৰ ঘটনাৰ মাজতে আকৌ দুই নিৰ্বাচন আয়ুক্তৰ নিযুক্তি প্ৰক্ৰিয়াক লৈ একাংশৰ সন্দেহৰ চাৱনি। কিন্তু তাৰ মাজতে আজিৰে পৰা দেশত জাৰি হ’ল নিৰ্বাচনী আচৰণবিধি। আজি বিয়লি ৩ বজাত এক সংবাদমেল সম্বোধন কৰি সমাগত লোকসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰাৰ লগতে আজিৰে পৰা নিৰ্বাচনী আচৰণ বিধি জাৰি কৰাৰ কথা ঘোষণা কৰিলে দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে।

মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে সংবাদমেলত আজি নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰি কয় যে অহা ১৯ এপ্ৰিলৰ পৰা সাতটা পৰ্যায়ত অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। ইয়াৰ পিছতে ৪ জুনত ঘোষণা কৰা হ’ব ফলাফল।  অৰ্থাৎ এইবাৰ মুঠ ৪০ দিন ধৰি চলিব ভোটগ্ৰহণ প্ৰক্ৰিয়া। মন কৰিবলগীয়া যে, এইবাৰ কিছু পিছুৱাই দিয়া হৈছে নিৰ্বাচনৰ সমগ্ৰ প্ৰক্ৰিয়া। ২০১৯ৰ সাধাৰণ নিৰ্বাচনতো সাতটা পৰ্যায়তে অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ। ১৭ সংখ্যক লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল ১১ এপ্ৰিলত আৰু অন্তিম অৰ্থাৎ সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল ১৯ মে’ত। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0