লোকসভা নিৰ্বাচনৰ পূৰ্বে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপত প্ৰকাশিত নিৰ্বাচনী বণ্ডৰ তথ্যই এতিয়া সমগ্ৰ দেশজুৰি সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। বণ্ডৰ জৰিয়তে ৰাজনৈতিক দলসমূহে লাভ কৰা অনুদানৰ পৰিমাণ আৰু এই চান্দা প্ৰদান কৰা ব্যক্তি আৰু কোম্পানীৰ নামৰ তালিকাই ৰাজনৈতিক মহলতো লাভ কৰিছে চৰ্চা। ষ্টেট বেংক অৱ ইণ্ডিয়াই উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ পালন কৰি নিৰ্বাচন আয়োগক দাখিল কৰিছিল নিৰ্বাচনী বণ্ডৰ তথ্য। ইয়াৰ পিছতে ১৪ মাৰ্চ অৰ্থাৎ বৃহস্পতিবাৰৰ সন্ধিয়াৰ পূৰ্বে এই তথ্য নিজৰ ৱেবচাইটযোগে ৰাজহুৱা কৰে নিৰ্বাচন আয়োগে।
আয়োগে তথ্য ৰাজহুৱা কৰাৰ পিছতে নিৰ্বাচনী বণ্ডৰ জৰিয়তে চান্দা লাভ কৰা সবাতোকৈ বৃহৎ দল হিচাপে পৰিগণিত হৈছে শাসকীয় বিজেপি। অৱশ্যে এছবিআই আৰু নিৰ্বাচন আয়োগে এতিয়ালৈকে প্ৰকাশ কৰিছে কেৱল ২০১৯ৰ পৰা ২০২৪ চনলৈ বণ্ডৰ তথ্য। তাকো আধৰুৱাকৈ প্ৰকাশ কৰা হৈছে এই বণ্ডৰ তথ্য। এছবিআইয়ে কোনে কেতিয়া বণ্ড ক্ৰয় কৰিছিল আৰু কোন দলে কিমান টকাৰ চান্দা লাভ কৰিছিল সেই তথ্য ৰাজহুৱা কৰিলেও কোনে কোনটো দলক চান্দা আগবঢ়াইছিল সেই তথ্য মুকলি কৰা নাই। আনহাতে মোদী চৰকাৰে ২০১৭ চনত নিৰ্বাচনী বণ্ড প্ৰযোজ্য কৰিছিল যদিও ২০১৭-১৮ বৰ্ষৰ তথ্য মুকলি কৰাৰ পৰা বিৰত থকা দেখা গৈছে এছবিআই আৰু নিৰ্বাচন আয়োগক।