বাৰ্লিনঃ কৰ’নাৰ সংকটকালত কেৱল যে উন্নয়নশীল দেশসমূহতে চিকিৎসকসকলে ব্যৱহাৰ কৰা সুৰক্ষা সামগ্ৰীৰ নাটনি হৈছে তেনে নহয়। জাৰ্মানীৰ দৰে উন্নত ৰাষ্ট্ৰতো চিকিৎসকসকলে সময়মতে লাভ কৰা নাই প্ৰয়োজনীয় পিপিই কিট। চিকিৎসা কৰিবৰ বাবে প্ৰয়োজনীয় কিট লাভ নকৰা বাবে নগ্ন হৈ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত নামি পৰিছে চিকিৎসকসকল।

পিপিই কিটৰ অভাৱত কৰ’নাত আক্ৰান্ত ৰোগীসকলৰ চিকিৎসাৰ ক্ষেত্ৰত অসুৰক্ষিত অনুভৱ কৰি সাব্যস্ত কৰা এই প্ৰতিবাদৰ চিকিৎসকসকলে নাম দিছে 'নগ্ন আতংক’। প্ৰতিবাদী চিকিৎসকসকলক নেতৃত্ব প্ৰদান কৰা ডাঃ ৰুবেন বাৰনাওৱে জনাইছে, 'কৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিবলৈ আমি প্ৰয়োজনীয় কিট সময়মতে লাভ কৰা নাই। সুৰক্ষা অবিহনে আমি এই ৰোগৰ চিকিৎসা কৰাতো কিমান বিপদযুক্ত সেয়া বুজাবলৈকে নগ্ন হৈ আমি এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছো।’

চিকিৎসাৰ সময়ত চিকিৎসকলে নগ্ন হৈ কোনোৱে ফাইলেৰে নিজক ঢাকিছে, কোনোৱে টয়লেট পেপাৰ আৰু কোনোৱে প্ৰেছক্ৰিপশ্যনৰ কাগজনখনকে ঢাকিবলৈ ব্যৱহাৰ কৰিছে। এজন চিকিৎসকে স্থানীয় সংবাদ মাধ্যমৰ আগত ক্ষোভেৰে কৈছে, 'আমি ৰোগীসকলক চিকিৎসা কৰিব বিচাৰো। কিন্তু আমাৰ বাবে প্ৰয়োজনীয় সুৰক্ষা ব্যৱস্থা কৰিব লাগিব।’

উল্লেখ্য যে, যোৱা জানুৱাৰীত কৰ’নাৰ সংক্ৰমণ প্ৰথম ধৰা পৰাৰ সময়ৰে পৰা পিপিই কিটৰ দাবী জনাই আহিছে জাৰ্মান চিকিৎসকসকলে। জাৰ্মানৰ স্বাস্থ্য বিভাগে পিপিই কিট যোগান ধৰা বুলি দাবী কৰি আহিছে যদিও চিকিৎসকসকলৰ মতে সেয়া প্ৰয়োজন অনুপাতে তেনেই সামান্য। বহু ঠাইত পিপিই হৰলুকি হোৱাৰ দৰে ঘটনাও সংঘটিত হৈছে।


► শ্লম’ বেন-ইমিয়ে কোৱা কথাখিনি সবিশেষ জানিবলৈ ওপৰৰ ফটোখনত ক্লিক কৰক


কেৱল জাৰ্মানীয়ে নহয়, আন কেবাখনো উন্নত ৰাষ্ট্ৰতো এনেদৰে চিকিৎসা সামগ্ৰীৰ অভাৱ ঘটাৰ বাতৰি প্ৰকাশ পাইছে। এই সন্দৰ্ভত এগৰাকী বিশিষ্ট বিশ্লেষক শ্লম’ বেন-ইমিয়ে মন্তব্য আগবঢ়াই কৈছে যে দেশে দেশে শাসনত থকা লোকসকলে অতীজৰে পৰা মহামাৰীক নিজৰ শক্তি সামৰ্থ্য বৃদ্ধিৰ বাবেহে ব্যৱহাৰ কৰে। বিপৰীতে জনতাৰ সুৰক্ষাক কমসংখ্যাক শাসকেহে গুৰুত্ব প্ৰদান কৰে। বৰ্তমানৰ দেশসমূহৰ চৰকাৰবোৰেও কৰ’না মহামাৰীক নিজৰ নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰিবলৈ উঠি-পৰি লগাৰ বাবেই দেশে দেশে সাধাৰণ জনতাৰ দুখ কুলাই-পাচিয়ে নধৰা হৈছে বুলিও তেওঁ মন্তব্য কৰিছে।