ডিজিটেল ডেস্কঃ জাৰ্মানীৰ চেন্সেলৰ এঞ্জেলা মাৰ্কেলৰ বিৰোধৰ মাজতে জাৰ্মানীয়ে এলজিবিটি সন্দৰ্ভত ল’লে এক ঐতিহাসিক সিদ্ধান্ত।

সমকামীসকলৰ আইনী অধিকাৰ সুৰক্ষাৰ দিশ নিশ্চিত কৰাৰ পিছতে পাশ্চাত্যৰ ভালেকেইখন দেশৰ সৈতে একে শাৰীত উঠা জাৰ্মানীয়ে শুকুৰবাৰে সমলৈংগিক বিবাহৰ বিধেয়কখন গৃহীত কৰে।

নিৰ্বাচনী বতৰতে চেন্সেলৰ এঞ্জেলা মাৰ্কেলৰ বিৰোধী বাওপন্থীৰ বলতে ৩৯৩ ৰপৰা ২২৬ ভোটত সংসদত গ্ৰীষ্মকালীন অধিৱেশনৰ সামৰণিৰ পুৰ্বে এই বিধেয়কখন গৃহীত হয়।

বিবাহ কেৱল পুৰুষ আৰু নাৰীৰ মাজৰ বিষয়- এই বুলি মন্তব্য কৰা মাৰ্কেলৰ খ্ৰীষ্টিয়ান ডেমক্ৰেটিক পাৰ্টিৰ লগতে মাৰ্কেলে সংসদত এই বিধেয়কখনৰ বিৰুদ্ধে ভোট দিয়া স্বত্বেও অৱশেষত ঐতিহাসিক বিধেয়কখন গৃহীত হোৱাত ক্ষুণ্ণ হৈ পৰিছে পাৰ্টিটো।