ডিজিটেল ডেস্কঃ জীৱিত কালত এজন ব্যক্তিয়ে যিমানেই কলংক-দুৰ্নাম অপযশ অৰ্জন নকৰক কিয় মৃত্যুৰ পাছত তেওঁৰ সাত খুন মাফৰ দৰে হয়। কিন্তু ব্যতিক্ৰম হৈ ৰ’ল একালৰ মহাপ্ৰতাপী আৰক্ষী বিষয়া কে পি এছ গিল।
শুকুৰবাৰে ৮২ বছৰ বয়সত দিল্লীৰ গংগাৰাম হাস্পতালত দেহাৱসান ঘটা দুৰ্দান্ত গিলক যেন মৃত্যুৰ পিছতো ঘেৰি ধৰিছে বিতৰ্কই৷ অসম আন্দোলনৰ প্ৰথমগৰাকী ছহিদ খৰ্গেশ্বৰ তালুকদাৰৰ হত্যা, আন্দোলনকাৰীক দয়া-মায়াহীন অত্যাচাৰ চলাই ৰাজ্যৰ কে’বাটাও প্ৰজন্মৰ দৃষ্টিত কলংকিত নায়কত পৰিণত হোৱা প্ৰাক্তন শীৰ্ষ আৰক্ষী বিষয়াজনৰ ওপৰত আজিও ৰাজ্যজুৰি ঘৃণাবৰ্ষণ অব্যাহত আছে।