ডিজিটেল ডেস্কঃ প্ৰতিশ্ৰুতি দিও প্ৰেমিকে বিয়া কৰাবলৈ অস্বীকাৰ কৰাত ৰণচণ্ডী ৰূপ ধাৰণ কৰিলে এগৰাকী যুৱতীয়ে। ২৩ বৰ্ষীয় এই যুৱতীগৰাকীক প্ৰতিদিনে বিয়া কৰাব বুলি কথা দি আহিছিল প্ৰেমিকে। কিন্তু হঠাৎ কিছুদিন পূৰ্বে মন সলনি হয় প্ৰেমিকৰ। স্পষ্টকৈ যুৱতীগৰাকীক বিয়া কৰাবলৈ মন নাই বুলি প্ৰেমিকে জনাই দিয়ে।
এই কথা শুনি মূৰতে সৰগ ভাগি পৰে যুৱতীগৰাকীৰ। প্ৰেমিকৰ দ্বাৰা এনেকৈ প্ৰতাৰিত হৈ তেওঁ ক্ৰোধান্বিত হৈ পৰে। ক্ৰোধৰ বশৱৰ্তী হৈয়ে যুৱতীগৰাকীয়ে এখন ধাৰাল চুৰিৰে চ্ছেদ কৰি দিয়ে প্ৰেমিকৰ পুৰুষাংগ।