107
বঢ়মপুৰঃ ছয় দিনে সন্ধান নাই এগৰাকী টেট শিক্ষকৰ৷ যোৱা দেওবাৰে এটিএমৰ পৰা টকা উলিয়াবলৈ বুলি ঘৰৰ পৰা ওলাই গৈ নিৰুদ্দেশ হৈ আছে টেট শিক্ষকজন।
সন্ধানহীন এই টেট শিক্ষকজন হৈছে চামগুৰিৰ গটঙা গাঁৱৰ চিতু দেৱনাথ। চামগুৰি নতুন চকীটোপ প্ৰাথমিক বিদ্যালয়ৰ টেট শিক্ষকজনৰ বহু বিছাৰ-খোচাৰ কৰিও শুংসূত্ৰ উলিয়াব নোৱাৰি পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰে চামগুৰি আৰক্ষী থানাত।