107
গুৱাহাটীঃ ফেচবুকত লগ পোৱা এগৰাকী যুৱকৰ সৈতে প্ৰেমত পৰি এতিয়া ন্যায়ৰ বাবে হাহকাৰ কৰিব লগা হৈছে এগৰাকী যুৱতীয়ে৷ এগৰাকী যুৱতীয়ে কাৰোবাৰ অকণমান সহায়ৰ বাবে হাহাকাৰ কৰি ঘুৰি ফুৰিছে ৰাজ্যৰ ৰাজধানী গুৱাহাটী মহানগৰীত৷ গুৱাহাটীৰ সাওঁকুছিৰ যুৱতীগৰাকীয়ে যোৱা ডিচেম্বৰ মাহত ফেচবুকত লগ পাইছিল কৌশিক তালুকদাৰ নামৰ এগৰাকী যুৱকক৷ প্ৰথমে ফেচবুকত বন্ধুত্ব গঢ়ি উঠে দুয়োৰে মাজত৷ লাহে লাহে তেওলোকৰ সম্পৰ্কই প্ৰেমৰ ৰূপ লয়৷
