গুৱাহাটীঃ আৰক্ষীৰ পৰা হাত সাৰি যোৱাৰ সকলো বাট হেৰুৱাই অৱশেষত ৰাজনৈতিক প্ৰভাৱশালী ACS বিষয়া ৰেল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁইৰ আত্মীয় সুনয়না আইদেৱে বিশেষ আদালতত আত্মসমৰ্পণ কৰে শুকুৰবাৰে৷ বিশেষ আদালতত আত্মসমৰ্পণ কৰাৰ পিছতে তেওক আৰক্ষীয়ে আদালত চৌহদত আটক কৰে৷ আনহাতে বিশেষ আদালতত আত্মসমৰ্পণ কৰে আন এগৰাকী ACS বিষয়া প্ৰাক্তন মন্ত্ৰী সুমিত্ৰা পাটিৰৰ আত্মীয় গীতালি দলেয়ে৷
গীতালি দলেকো আৰক্ষীয়ে আদালত চৌহদত আটক কৰে৷ যোৱা তিনিদিন ধৰি পলায়ণ কৰি আছিল ৫গৰাকী ACS-APS বিষয়াই৷ ইয়াৰে কমল দেৱনাথ, জ্যোতিৰ্ময় অধিকাৰীয়ে বৃহস্পতিবাৰে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে৷ এতিয়াও বহু বিতৰ্কিত প্ৰাক্তন মন্ত্ৰী নীলমনিসেন ডেকাৰ পুত্ৰ ৰাজৰ্ষি ডেকা সহিতে কেইবাজনো ACS-APS বিষয়া আত্মগোপন কৰি আছে৷ সুনয়না আইদেউ আৰু গীতালী দলে সহিতে ২০ গৰাকী ACS-APS আৰক্ষীৰ জালত পৰিল৷