গুৱাহাটীঃ এক নতুন ইতিহাসৰ সাক্ষী হৈ ৰব ৰাজ্যবাসী৷ ৰাজ্য চৰকাৰে ইতিহাস সৃষ্টি কৰি বিশ্বৰ বিভিন্ন দেশৰ বিনিয়োগকাৰীক ৰাজ্যখনৰ ৰাজধানী গুৱাহাটী মহানগৰীলৈ আমন্ত্ৰণ কৰি অনুষ্ঠিত কৰিব Advantage Assamৰ Global Investor Summit৷ বিশ্বৰ বিভিন্ন দেশৰ বিনিয়োগকাৰী তথা উদ্যোগপতিক আমন্ত্ৰণ কৰিছে ৰাজ্য চৰকাৰে৷ অসম মন্ত্ৰী সভাৰ কেইবাগৰাকী জ্যেষ্ঠ মন্ত্ৰীয়ে ইতিমধ্যে বিশ্বৰ কেইবাখনো আগশাৰীৰ দেশ ভ্ৰমণ কৰি দেশ সমূহৰ বিনিয়োগকাৰীক অসমলৈ আহি বিনিয়োগ কৰিবলৈ আমন্ত্ৰণ জনাই আহিছে৷
