Home গুৱাহাটীকলিকতাৰ এনআৰএছ মেডিকেল কলেজৰ ঘটনাৰ প্ৰতিবাদৰ জুই গুৱাহাটীলৈও বিয়পিল….

কলিকতাৰ এনআৰএছ মেডিকেল কলেজৰ ঘটনাৰ প্ৰতিবাদৰ জুই গুৱাহাটীলৈও বিয়পিল….

by News Desk
A+A-
Reset
3d471247-47ae-455b-8ecb-ad219f515e29

গুৱাহাটীঃ কলিকতাৰ এনআৰএছ মেডিকেল কলেজ হাস্পিতালৰ কনিষ্ঠ চিকিৎসকক নিগ্ৰহৰ ঘটনাৰ প্ৰতিবাদত আজি স্তবদ্ধ হ’ল দেশৰ চিকিৎসা সেৱা। অখিল ভাৰতীয় চিকিৎসা সেৱা সন্থাৰ আহ্বানত আজি সমগ্ৰ দেশৰ লগতে অসমতো পালন কৰা হৈছে প্ৰতিবাদী কাৰ্যসূচী। 

গুৱাহাটীৰ মেডিকেল কলেজ হাস্পতালতো কনিষ্ঠ চিকিৎসক সন্থাই আজি পুৱা ৮ বজাৰ পৰা দিনৰ ২ বজালৈকে গ্ৰহণ কৰে প্ৰতিবাদী কাৰ্যসূচী।উক্ত প্ৰতিবাদী কাৰ্যসূচীত কনিষ্ঠ চিকিৎসক সকলৰ উপৰিও অংশগ্ৰহণ কৰে মেডিকেল কলেজ খনৰ শিক্ষক সন্থাইয়ো। উল্লেখযোগ্য যে আজি ৰাতিপুৱাৰ পৰা গ্ৰহণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীৰ ফলত আজি মেডিকেল কলেজ হাস্পতালখনত বন্ধ হৈ পৰে অ’পিডি সেৱা।ইয়াৰ উপৰিও চিকিৎসক সকলৰ প্ৰতিবাদৰ ফলত কেৱল মাত্ৰ জৰুৰীকালীন সেৱা বাহিৰে বন্ধ থাকে বহিঃবিভাগৰ সকলো সেৱা। আজি এই প্ৰতিবাদী কাৰ্যসূচীত মেডিকেল কলেজখনৰ প্ৰায় তিনিশৰো অধিক চিকিৎসকে অংশগ্ৰহণ কৰে। তাৰ ভিতৰত জ্যেষ্ঠ চিকিৎসক সংস্থা আৰু চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰী সকলেও অংশগ্ৰহণ কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0