গোৱালপাৰাঃ গোৱালপাৰা অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা কৰ’নাত আক্ৰান্ত ৩গৰাকী ৰোগীৰ স্বাস্থ্যৰ বুজ ল’বলৈ আজি দুপৰীয়া ১২ মান বজাত চিকিৎসালয়খনত উপস্থিত হয় ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। চিকিৎসালয় চৌহদত উপস্থিত হৈয়েই মন্ত্ৰীগৰাকীয়ে চিকিৎসা কালীন অৱস্থাত পাবলগীয়া সা-সুবিধাৰ তদাৰক কৰে আৰু তিনিওগৰাকী ৰোগীৰ মেডিকেল ৰিপ’ৰ্ট জিলা উপায়ুক্ত বৰ্ণালী ডেকাৰ হাতত অৰ্পণ কৰে।
উপায়ুক্তৰ হাতত ৰিপ’ৰ্ট অৰ্পণ কৰাৰ কথা সদৰী কৰি কিয় সেয়া লগে লগে অৰ্পণ কৰা হোৱা নাছিল বুলি ৰোগীসকল আৰু আন একাংশই কৰি থকা প্ৰশ্নৰো উত্তৰ দিয়ে মন্ত্ৰীগৰাকীয়ে। তেওঁ কয় যে টেষ্টৰ ৰিপৰ্ট ওলোৱাৰ পিছত ৰিপৰ্টবোৰ গুৱাহাটীত স্কেন হয়, পাছত কনফাৰমেশ্যন হয় তাৰ পাছত পুণেলৈ পঠোৱা হয় আৰু পুণেই সেউজ সংকেত দিলেহে ৰিপৰ্ট দিব পৰা যায়।