ভূপালঃ লকডাউন। ঘৰত খুদকণ এটিও নাইকিয়া হৈ পৰিছে। সেয়ে জোৱায়েকক লগত লৈ প্ৰয়োজনীয় দুই-এপদ বস্তু কিনিবলৈ ওলাই গৈছিল ৬৫ বছৰীয়া টিবু মেদা। লকডাউন ভংগ কৰাৰ অপৰাধত আদিবাসী এইজন বৃদ্ধক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগ উঠিছে আৰক্ষীৰ বিৰুদ্ধে। দেওবাৰে এই ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ ধৰ জিলাৰ গুজৰি নামৰ গাঁওখনত।   

ঘটনাৰ প্ৰত্যক্ষদৰ্শী টিবুৰ জোৱায়েক সঞ্জয়ে দোকানৰ সমুখত শাৰী পাতি থাকোতেই আৰক্ষীয়ে প্ৰহাৰ কৰা বুলি জনাইছে। 'আমি দৰকাৰী বস্তু কিনিবলৈ এখন দোকানৰ সমুখত শাৰী পাতি আছিলো। তেনেত আৰক্ষী আহিছিল আৰু কাকো একো নোকোৱাকৈ লাঠিৰে কোবাবলৈ আৰম্ভ কৰিছিল।’-নিজৰ ককালত লাঠিৰ কোব লাগিলেও কোনোমতে দৌৰি পলাবলৈ সক্ষম হোৱা বুলি জনাই এইদৰে কয় সঞ্জয়ে। 

আৰক্ষীৰ লাঠিচালনাৰ পৰা ডেকা সঞ্জয়ে দৌৰি পলাবলৈ সমৰ্থ হ’লেও ৬৫ বছৰীয়া আদিবাসী বৃদ্ধজনে দৌৰি পলাব নোৱাৰিলে। ফলত আৰক্ষীৰ প্ৰহাৰত ঠাইতে প্ৰাণত্যাগ কৰে দুৰ্ভগীয়া লোকজনে। ঘটনা সন্দৰ্ভত ধৰমপুৰিৰ স্থানীয় বিধায়ক পঞ্চিলাল মেদাই অভিযুক্ত আৰক্ষীজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছে গাঁওবাসী আৰু পৰিয়ালৰ লোকক।

'আদিবাসী বৃদ্ধজনৰ দেহত লাঠিৰে কোবোৱাৰ দাগ স্পষ্ট হৈ আছিল। গতিকে এয়া নিশ্চিত যে আৰক্ষীৰ প্ৰহাৰতে লোকজনৰ মৃত্যু হ’ল। অভিযুক্ত আৰক্ষীজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।’-সংবাদমাধ্যমৰ আগত এই মন্তব্য কৰিছে বিধায়কজনে। অৱশ্যে স্থানীয় লোক আৰু বিধায়কজনৰ অভিযোগ মানি লোৱা নাই আৰক্ষীয়ে। আৰক্ষীৰ মতে তেওঁলোকে উক্ত গাঁওখনৰ বজাৰলৈ গৈছিল ঠিকেই, কিন্তু গুৰুলা-গুৰুল প্ৰহাৰত বৃদ্ধজনৰ মৃত্যু হোৱা বুলি কৰা দাবী সত্য নহয়। 

'মানুহে ছ’চিয়েল ডিছটেন্সিং মানি চলিছে নে নাই সেয়া চাবলৈ আমাৰ আৰক্ষীৰ এটা দল তালৈ গৈছিল। আমাৰ গাড়ী দেখিয়েই এখন দোকানৰ সমুখত ৰৈ থকা মানুহবোৰে দৌৰি পলাবলৈ আৰম্ভ কৰিছিল। দৌৰিবলৈ লওতেই এই বৃদ্ধজন পৰি যায় আৰু আমি মুমুৰ্ষ অৱস্থাত উদ্ধাৰ কৰো। আমি তেওঁক হাস্পতাললৈ লৈ যাও যদিও চিকিৎসকে মৃত ঘোষণা কৰে।’-ঘটনাৰ তদন্ত কৰা হ’ব বুলি সদৰী কৰে এই দাবী কৰিছে এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই।

ঘটনাটোৰ পিছতে জিলা দণ্ডাধীশগৰাকী পৰিয়ালটোৰ কাষলৈ গৈ ২০ হাজাৰ টকাৰ অৰ্থ সাহায্য আগবঢ়াইছে। ইয়াৰ লগতে আৰু প্ৰয়োজনীয় আন ক্ষতিপূৰণ দিবলৈকো বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ প্ৰদান কৰিছে।