গোৱালপাৰাঃ কৰ'না মহামাৰীৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ সমগ্ৰ ভাৰততে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৪ এপ্ৰিল লৈ ঘোষণা কৰা লকডাউনৰ আজি তৃতীয় দিনাও তৎপৰ হোৱা পৰিলক্ষিত হৈছে গোৱালপাৰা আৰক্ষী তথা জিলা প্ৰশাসন। এই সময়ছোৱাত জিলাখনৰ কোনো ঠাইতে যাতে আইন উলংঘা নহয় তথা অপ্ৰীতিকৰ পৰিস্থিতিয়ে দেখা দিব নোৱাৰে তাৰ বাবে বিশেষ ব্যৱস্থা হাতত লৈছে গোৱালপাৰা আৰক্ষীয়ে।

ইয়াৰ মাজতে একাংশ লোকে ঘৰৰ পৰা বাহিৰলৈ ওলাবলৈ চেষ্টা চলাইছিল যদিও আৰক্ষীয়ে তৎপৰতাৰে তেওঁলোকক উভতাই পঠিয়ায়। আনহাতে এই সময়ছোৱাত যাতে খাদ্য সামগ্ৰীৰ অভাৱত পৰিবলগীয়া নহয় তাৰ বাবে গোৱালপাৰা পৌৰসভাই চহৰৰখনৰ প্ৰতিটো ৱাৰ্ডতে নিৰ্দিষ্ট সময় আৰু বাৰ নিৰ্ধাৰণ কৰি পাচলিৰ দোকান খোলাৰো বিশেষ ব্যৱস্থা কৰিছে।

এনেদৰে জনসাধাৰণৰ সচেতনতা তথা জিলা প্ৰশাসন আৰু আৰক্ষীৰ তৎপৰতাৰ বাবে আজি তৃতীয় দিনটোত জিলাখনৰ বিভিন্ন অঞ্চলৰ লগতে গোৱালপাৰা চহৰতো বাট-পথ জনশূন্য হৈ পৰা দেখা গৈছে। এই সময়ছোৱাত জনশূন্য ৰাজপথত নিৰাপত্তাৰক্ষী, সংবাদকৰ্মী আৰু স্বাস্থ্যকৰ্মীসকলৰ বাদে আন কোনো লোককে দেখা পোৱা হোৱা নাই।