গুৱাহাটীঃ প্ৰধানমন্ত্ৰী মোদীয়ে দেশত ঘোষণা কৰা লকডাউনৰ আজি তৃতীয়টো দিন। দেশৰ প্ৰান্তে-প্ৰান্তে কৰ’নাক লৈ সজাগ হৈ পৰিছে জনসাধাৰণ। চৰকাৰ আৰু প্ৰশাসনে বিভিন্ন প্ৰকাৰে জনসাধাৰণৰ মাজত সজাগতা আনিবলৈ চেষ্টা কৰি থকাৰ সময়তে কিন্তু গুৱাহাটী, নগাওঁ, যোৰহাট আদি ঠাইত দেখা গৈছে সম্পূৰ্ণ বিপৰীত ছবি এখন। ৰাইজৰ মাজত খাদ্যসংকটে যাতে দেখা নিদিয়ে তাৰ বাবে চৰকাৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকানসমূহ খুলিবলৈ আহ্বান জনাওতেই শ-শ লোকে ‘লকডাউন’ৰ সকলো নীতি-নিৰ্দেশনা উলংঘা কৰি বজাৰসমূহত ভিৰ কৰা পৰিলক্ষিত হয়।

মহানগৰীৰ বজাৰত ‘লকডাউন’ নেওচি অগণন জনতা

খাদ্যৰ লগতে নিত্য নৈমিত্তিক সামগ্ৰীসমূহ ক্ৰয় কৰাৰ সুবিধাৰ্থে আজি লকডাউনৰ তৃতীয় দিনটোত প্ৰশাসনে মহানগৰৰ কেইখনমান বজাৰৰ লগতে অসমৰ বিভিন্ন ঠাইত অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকানসমূহ খুলিবলৈ নিৰ্দেশ দিছিল। জনসাধাৰণে বজাৰ কৰিবলৈ ওলাই আহোঁতেও যাতে সামাজিক দূৰত্ব বজাই ৰাখি চলে সেই কথা বাৰে বাৰে প্ৰশাসনে বুজাই দিয়া স্বত্বেও ৰাজ্যখনৰ প্ৰতিখন বজাৰৰ লগতে দোকানসমূহতো শ-শ মানুহে ঠেলা-হেঁচা কৰি বজাৰ কৰিবলৈ অহা দেখা গ’ল৷ 

গুৱাহাটীৰ গণেশগুৰি, বামুনীমৈদাম, ফাঁচীবজাৰৰ ভিৰে প্ৰশ্নৰ উদ্ৰেক ঘটাইছে যে কৰ’নাক লৈ অসমৰ ৰাইজ প্ৰকৃততে সচেতন হৈছেনে? যোৱা দিনসমূহত চৰকাৰ আৰু প্ৰশাসনৰ ফালৰ পৰা বাৰে বাৰে সামাজিক দূৰত্ব আৰু চাফ-চিকুণতা সম্পৰ্কে ৰাইজক সজাগ কৰিবলৈ চেষ্টা কৰাৰ পিচতো আজি বজাৰলৈ ওলাই অহা জনসাধাৰণে সামাজিক দূৰত্বৰ নিয়মক বুঢ়া আঙলি দেখুৱাই ঠেলা-হেচা কৰি গাত গা লগাই বজাৰসমূহত হেতা-ওপৰা কৰাত পুনৰ বজাৰসমূহ বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে প্ৰশাসনে। 

উল্লেখ্য যে গুৱাহাটীৰ বামুণীমৈদামত ডেকাসকলৰ লগতে বয়স্ক আৰু শিশুসকলেও বজাৰ কৰিবলৈ ওলাই আহিছে। এই সম্পৰ্কে আমাৰ সাংবাদিকে কৰা প্ৰশ্নত এজন বয়স্ক লোকে কয় যে, "ঘৰত মই আৰু এওঁহে থাকো, আমি দুজনেই বয়স্ক। ওলাই নাহিলে কি খাম ঘৰত। আমাৰো বজাৰলৈ আহিবলৈ মন নাই। চৰকাৰে যদি ভলণ্টিয়াৰ টীম গঠন কৰি ঘৰে ঘৰে সামগ্ৰীসমূহ পঠিওৱাৰ ব্যৱস্থা কৰে তেতিয়াহে লকডাউন সফল হ'ব। বাতৰিত পাইছো যে চাইনাত তেনে কৰা বাবেই সফল হৈছে লকডাউন।"

নগাঁৱৰ বজাৰত বিধায়ক ৰূপক শৰ্মা

নগাঁৱতো লকডাউন অৱমাননা কৰি বজাৰত উপস্থিত হয় কেইবাশ জনতা। কিছুসংখ্যকে গাড়ী-মটৰৰ সহিতে বজাৰত উপস্থিত হৈ ট্ৰেফিক জামৰো সৃষ্টি কৰে। প্ৰশাসনে বাৰে বাৰে ঘোষণা কৰাৰ পাছতো ভিৰ একেই হৈ থকাত স্থানীয় বিধায়ক ৰূপক শৰ্মাই হাতযোৰ কৰি সকলোকে ঘৰাঘৰি যাবলৈ অনুৰোধ জনায়। আমাৰ স্থানীয় সাংবাদিকৰ সৈতে বজাৰলৈ অহা একাংশ লোকৰ বাৰ্তালাপত এইটো কথা পৰিস্ফুত যে একাংশই এতিয়াও লকডাউনৰ অৰ্থ বুজি পোৱা নাই৷ কিছুসংখ্যকে আকৌ সাংবাদিকক ওলোটাইয়ে প্ৰশ্ন কৰে, "অসমত কেইজনৰ বেমাৰ হৈছে আমাক দেখুৱাই দিয়ক।"

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্যক লৈ খেলিমেলি

লকডাউনৰ দ্বিতীয়টো দিনা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে লখিমপুৰত উপস্থিত হৈ সাংবাদিকসকলৰ আগত কৰা এক মন্তব্যৰ পিছতে ৰাজ্যত তৃতীয় দিনা শাক-পাচলিৰ লগতে মাছ-মাংসৰ দোকানসমূহ খোলা থাকিব ব্যাপকভাৱে প্ৰচাৰ হয়। ইয়াৰ ফলত একাংশ লোকে লকডাউন আজি কিছু পৰিমাণে শিথিল কৰা হৈছে বুলি ধৰি লয় আৰু সকলো পাহৰি মুক্তমনে ওলাই আহে। এনেদৰে সকলো লোক ওলাই অহাত মহানগৰীত দিনৰ ভাগত সৃষ্টি হয় এক অভাৱনীয় পৰিস্থিতিৰ। ফলত প্ৰশাসনে পুনৰ পূৰ্বৰ নিৰ্দেশ পৰিহাৰ কৰি কেৱল গেলামালৰ দোকান আৰু ফাৰ্মাচীহে খোলা ৰাখিব পাৰিব বুলি জনায়। চৰকাৰ প্ৰশাসনৰ এনে কাৰ্যক লৈ এতিয়া ছ’চিয়েল মিডিয়াতো দেখা গৈছে সৰৱ আৰু সমালোচনামূলক চৰ্চা।

'স্বাস্থ্যমন্ত্ৰী হিমন্তই আগদিনা এটা ক’ব আৰু পিছদিনা মুখ্যমন্ত্ৰীয়ে আন এটা ক’ব। এনেকৈ চৰকাৰে নিজেই মানুহবোৰক বিভ্ৰান্ত কৰিছে। ২১ দিন মাছ-মাংস নাখালেও একো ক্ষতি নহয় কাৰো।’-মাছ-মাংস বিচাৰি বজাৰলৈ ওলাই অহাসকলক খকুৱা আখ্যা দি এইদৰে ছ’চিয়েল মিডিয়াত মন্তব্য কৰা দেখা গৈছে অসংখ্যা নেটিজেনক।

অসমৰ প্ৰায়সমূহ গাঁৱতে এতিয়া নগৰতকৈ বিপৰীত এখন ছবি

নগৰ অঞ্চলৰ বজাৰসমূহ খোলা দিয়াৰ বাবে জাকে জাকে ওলাই অহা জনতাৰ বিপৰীতে গাওঁসমূহত আজি ‘লকডাউন’ৰ তৃতীয় দিনটোতো সম্পূৰ্ণৰূপে প্ৰধানমন্ত্ৰীৰ এই লকডাউনক সমৰ্থন কৰা দেখা গ'ল। গাওঁৰ প্ৰতিটো পদুলিতে এতিয়া নিমাও-মাও পৰিৱেশ। কৰ’নাক লৈ সজাগ বা আতংক যিয়েই হওঁক লকডাউন প্ৰকৃততে সফল হৈছে গাওঁ অঞ্চলতহে। বহুতেই পদুলিত আঁৰি দিছে একোখন নামফলক, "গেটৰ ভিতৰলৈ নাহিব, প্ৰয়োজন হ'লে ফোন কৰিব।" বহু গাঁৱত মূল পথসমূহ ভেটা দি "বাহিৰা লোকৰ প্ৰৱেশ নিষেধ" বুলি আঁৰি দিছে একোখন ফলক। 

প্ৰতিদিনেই আমাৰ দেশতো বৃদ্ধি হৈছে কৰ’না আক্ৰান্তৰ লগতে মৃতকৰ সংখ্যা। ‘লকডাউন’ ঘোষণাৰ পাছতো অসমৰ দোকান বজাৰ, পদপথসমূহত দেখা পোৱা ভিৰসমূহ আঁতৰোৱাত বিফল হৈছে প্ৰশাসন। প্ৰত্যেকেই নিজে সচেতন নহ'লে অসমেও এক ভয়াবহ পৰিস্থিতিৰ দিশে গতি কৰিবলৈ হয়তো বেছি সময়ৰ প্ৰয়োজন নহ’ব। সেয়ে NNOৰ তৰফৰ পৰাও প্ৰতিগৰাকী অসমবাসীলৈ আহ্বান, ‘আপোনালোকে এই ‘লকাডাউন’ক গুৰুত্বসহকাৰে গ্ৰহণ কৰক। অতি প্ৰয়োজনীয় কাম নাথাকিলে ওলাই নাহিব ঘৰতে থাকক।’