গোৱালপাৰাঃ কৰ’না আক্ৰান্ত গোৱালপাৰাৰ ৪ জন ৰোগীৰ ৩জন ৰোগী সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিছে আৰু তেওঁলোকক চিকিৎসালয়ৰ পৰা অব্যহতি দিয়া হৈছে। বৃহস্পতিবাৰে এই কথা সদৰী কৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। আজি দিনৰ ভাগত কৰ’না ৰোগীৰ চিকিৎসা চলি থকা গোৱালপাৰা অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া ৰোগীকেইজনক লৈ এতিয়া চিন্তাৰ কোনো কাৰণ নাই।

মন্ত্ৰীগৰাকীয়ে জনোৱা মতে সুস্থ হৈ উঠা ৰোগী ৩ জন হৈছে ক্ৰমে ছাজাহান আলী আহমেদ, খবিৰ উদ্দিন আহমেদ আৰু ইউছুফ আলী। এই আটাইকেইজনেই কিছুদিন পূৰ্বে দিল্লীৰ নিজামুদ্দিনৰ তবলীগ জামাতত অংশ লৈ ৰেলযোগে গোৱালপাৰাৰ নিজ বাসগৃহত উপস্থিত হৈছিল আৰু কৰ’না টেষ্টত পজিটিভ ধৰা পৰিছিল।

সুস্থ হৈ উঠা ৩জনক আকৌ কৰা হ'ব নেকি কোৱাৰেন্টাইন? 

কৰ'না জয়ী লোক ৩ জন সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিছে বুলি জানিবলৈ দিলেও আজিয়েই তেওঁলোকক নিজ বাসগৃহলৈ যাবলৈ দিয়া হোৱা নাই। ইয়াৰ পৰিৱৰ্তে তেওঁলোকক আজিৰে পৰা আগন্তুক ১৪ দিনৰ বাবে চৰকাৰী তত্বাৱধানত গোৱালপাৰা ট্ৰাক মালিক সন্থাৰ ভৱনত বিশ্ৰাম ল'বলৈ সুবিধা প্ৰদান কৰা হৈছে। এই সময়ছোৱাত তেওঁলোকে স্বাভাৱিকভাৱে চলা-ফুৰা কৰিব পাৰিব বুলিও জনাই মন্ত্ৰী শৰ্মাই। ১৪ দিনৰ বিশ্ৰামৰ পাছতেই তেওঁলোকক নিজ গৃহলৈ যাবলৈ দিয়া হ’ব।

ইফালে, চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়াৰ সময়ত কৰ’না জয়ী তিনিওজনকে চিকিৎসালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা সম্ভাষণ জনোৱা হয়। চিকিৎসালয়খনৰ চিকিৎসক, নাৰ্ছ তথা অন্যান্য স্বাস্থ্যকৰ্মীসকলে ৰঙালী বিহুৰ সৈতে সংগতি ৰাখি তেওঁলোকক একোখনকৈ ফুলাম গামোচা প্ৰদান কৰি কৰ’নাক পৰাভূত কৰিবলৈ সমৰ্থ হোৱা বাবে অভিনন্দন জ্ঞাপন কৰে। 

স্বাস্থ্যবিভাগৰ ভূমিকাক লৈ কি ক'লে কৰ'না জয়ী ৩ ব্যক্তিয়ে?
 
কৰ'নাক জয় কৰি খুবেই উৎফুল্লিত হৈ পৰা দেখা গৈছে গোৱালপাৰাৰ ছাজাহান আলী আহমেদ, খবিৰ উদ্দিন আহমেদ আৰু ইউছুফ আলীক। চিকিৎসককে সস্পূৰ্ণ সুস্থ বুলি ঘোষণা কৰাৰ পিছতে তিনিওজন লোকৰে মুখত আজি বিৰিঙি উঠে সাফল্য আৰু আত্মসন্তুষ্টিৰ হাঁহি। 

স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সাহস আৰু প্ৰেৰণাৰ বাবেই অতি কম সময়ৰ ভিতৰত তেওঁলোকে মাৰাত্মক কৰ’নাক পৰাভূত কৰিবলৈ সক্ষম হোৱা বুলি জনায়। ইয়াৰ লগতে চিকিৎসকসকলে প্ৰতিটো মুহূৰ্ততে তেওঁলোকক সুন্দৰভাৱে চিকিৎসা প্ৰদান কৰা বুলিও সাংবাদিকক জানিবলৈ দিয়ে। 

অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ তৎপৰতাৰ বাবেই কৰ’নাৰ বিৰুদ্ধে বিজয় লাভ কৰিবলৈ সমৰ্থ হৈ এতিয়া খুবেই সুখী ছাজাহান, খবিৰ আৰু ইউছুফ। কৰ’নাক লৈ অসমবাসী ইমান শংকিত হোৱাৰ প্ৰয়োজন নাই বুলিও সদৰী কৰে গোৱালপাৰাৰ ৩ কৰ’না জয়ীয়ে।

উল্ল্যেখ্য যে আজিৰ এই পৰিদৰ্শন কালত স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সংগ দিয়ে বিভাগটোৰ ৰাজ্যিক মন্ত্ৰী পীয়ুষ হাজৰিকা, জিলা উপায়ুক্ত বৰ্ণালী ডেকাৰ লগতে স্বাস্থ্যবিভাগৰ কেবাগৰাকী শীৰ্ষ বিষয়ববীয়াই।