ডিজিটেল ডেস্কঃ আপুনি যদি ঈশ্বৰক পাব বিচাৰে তেন্তে এয়াই সুবৰ্ণ সুযোগ। এই সুযোগ গ'লে আৰু এবছৰলৈ ঘূৰি নাহে। ঈশ্বৰক সহজে ভিজিট কৰিব পৰা এই সুযোগৰ অন্তিম সময়সীমা হৈছে অহা ২৫জুন। চৰকাৰীভাৱে ঘোষণা কৰা হৈছে এই বিষয়ে। সেয়ে সন্দেহৰ কোনো অৱকাশেই নাই।

অৱশ্যে সৰ্বশক্তিমান ঈশ্বৰক আপুনি ডাইৰেক্ট লগ কৰিব নোৱাৰে। ইয়াৰ বাবে লাগিব বিশেষ পাছ। এই পাছ আপুনি লাভ কৰিবলৈ কাকো উৎকোচ দিয়াৰ প্ৰয়োজন নাই। খুব বেছি কেতিয়াবা দীঘলীয়া শাৰী পতাৰ প্ৰয়োজন হ'ব পাৰে। বছ কষ্ট ইমানখিনিয়েই। তাৰ পিছতে আপুনি সাক্ষাৎ লাভ কৰিব পৰমপিতা পৰমেশ্বৰৰ।

কিন্তু কথা হ'ল এই বিশেষ পাছ আপুনি ক'ত পাব? চিন্তাৰ কোনো কাৰণ নাই। চৰকাৰে বিজ্ঞাপনৰ জৰিয়তে ঘোষণা কৰিছে উক্ত পাছ পোৱা স্থানৰ বিষয়ে। চৰকাৰৰ ঘোষণাৰ আঁত ধৰিয়েই এই স্থান মহানগৰীৰ আদাবাৰীৰ পৰা ভৰলু বুলি বহুতে মত পোষণ কৰিছে।

জানিব পৰা মতে, এই দুই স্থানৰ মাজত থকা যিকোনো ৱাইনশ্বপতে দি থকা হৈছে ঈশ্বৰপ্ৰাপ্তিৰ পাছ। বিজ্ঞাপনটোত এই কথাও কোৱা হৈছে ৱাইনশ্বপত দি থকা হোৱা পাছেই ঈশ্বৰপ্ৰাপ্তিৰ একমাত্ৰ পাছ নহয়। ৱাইনশ্বপত ঈশ্বৰপ্ৰাপ্তিৰ পাছ বিচাৰি যোৱা লোকৰ ভিৰৰ কথা পূৰ্বানুমান কৰিয়েই চৰকাৰী বিজ্ঞাপনটোত এনেদৰে উল্লেখ কৰা হৈছে বুলি একাংশ লোকে মত ব্যক্ত কৰিছে।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ফটো সম্বলিত ঈশ্বৰপ্ৰাপ্তিৰ এই বিজ্ঞাপনটোৱে ইতিমধ্যে ৰাজ্যবাসীক আশাবাদী কৰি তোলা পৰিলক্ষিত হৈছে। বহুতে চৰকাৰক উন্নয়নৰ কথা কৈ কৈ ভাগৰি পৰি এতিয়া উক্ত পাছৰ জৰিয়তে ঈশ্বৰক সাক্ষাৎ কৰি পোনপটীয়াকৈ সকলো সমস্যাৰ কথা অৱগত কৰিবলৈ যো-জা চলোৱা পৰিলক্ষিত হৈছে। বিষয়টোক লৈ ছচিয়েল মিডিয়াতো দেখা গৈছে ব্যাপক চৰ্চা।

উল্লেখ্য যে, নীলাচল পাহাৰত অৱস্থিত কামাখ্যা দেৱীৰ মন্দিৰত চলি থকা অম্বুবাছী মেলাৰ সময়ত প্ৰতি বছৰে হৈ অহা সুৰাৰ অবাধ প্ৰচলনৰ প্ৰতি লক্ষ্য ৰাখি জনহিতাৰ্থে এটি বিজ্ঞাপন জাৰি কৰা হৈছিল কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা। কেবাখনো দৈনিক কাকতত প্ৰকাশিত তথা হৰ্ডিং হিচাপে লগোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ফটো সম্বলিত উক্ত বিজ্ঞাপনটোত কোৱা হৈছে যে সুৰাই একমাত্ৰ ঈশ্বৰ প্ৰাপ্তিৰ পথ নহয়।

"সুৰাই একমাত্ৰ ঈশ্বৰপ্ৰাপ্তিৰ পথ নহয়' এই বিজ্ঞাপন বাক্যাংশৰ অৰ্থ সুস্পষ্ট যে ঈশ্বৰপ্ৰাপ্তিৰ আৰু বহুত পথ আছে আৰু এনে পথবোৰৰ মাজৰ এটা হৈছে সুৰাপান। চৰকাৰৰ তৰফৰ পৰা মুকলিকৈ এনেদৰে সুৰাপান কৰিলে ঈশ্বৰক পাব পাৰি বুলি বিজ্ঞাপন প্ৰকাশ কৰি ৰাইজক জনোৱা কাৰ্যই এতিয়া সচেতন মহলৰ চকু কপালত তুলিছে।

বিজ্ঞাপনটোত অম্বুবাছী মেলালৈ সকলোকে স্বাগতম জনাই কামাখ্যা দেৱালয়ক সুৰামুক্ত ক্ষেত্ৰ হিচাপে গঢ়ি তুলিবলৈ আহ্বান জনোৱা হৈছে। কিন্তু আওপকীয়াকৈ সুৰাক ঈশ্বৰপ্ৰাপ্তিৰ পথ বুলি ঘোষণা কৰি অগণন ভক্তৰে ভৰি থকা দেৱালয়খনক কেনেদৰে কামৰূপ মহানগৰ জিলা প্ৰশাসনে সুৰামুক্ত হিচাপে গঢ়ি তুলিব বিচাৰিছে তাক লৈ সকলোৱে প্ৰশ্ন উত্থাপন কৰিছে।