ডিজিটেল ডেস্কঃ গুজৰাটৰ গোধৰা কাণ্ডৰ অন্যতম অভিযুক্ত ইয়াকুব পাতালিয়াক মঙলবাৰে আটক কৰে গুজৰাট আৰক্ষীয়ে৷ বিগত ১৬ বছৰে পলাতক অৱস্থাত আছিল ষাঠিউৰ্দ্ধৰ ইয়াকুব ৷ উল্লেখ্য, ২০০২ চনৰ ২৭ ফেব্ৰুৱাৰীত গোধৰা ৰেলষ্টেছনৰ ওচৰত সবৰমতী এক্সপ্ৰেছত অগ্নিসংযোগ কৰা হয়৷ সেই অগ্নিকাণ্ডত ট্ৰেইনৰ ৫৯ যাত্ৰীৰ মৃত্যু হয়৷
যাৰ মাজত অধিকাংশই আছিল কৰ সেবক৷ ইফালে, গোধৰাৰ এই ঘটনাৰ ফলত সমগ্ৰ ৰাজ্যতে সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি হয়৷ যাৰ বলি হয় প্ৰায় সহস্ৰাধিক লোক৷ ১৬ বছৰ পূৰ্বৰ এই ঘটনাৰ অন্যতম অভিযুক্ত আছিল ইয়াকুব৷ কিন্তু ডেৰ দশক ধৰি তেওঁক আটক কৰিব পৰা নাছিল আৰক্ষীয়ে৷
গুজৰাট আৰক্ষীয়ে জনোৱা অনুসৰি, মঙলবাৰে পুৱা এক বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত অভিযান চলায় গুজৰাট আৰক্ষীৰ এটা দলে৷ আৰক্ষীয়ে জনোৱা মতে, গোধৰাৰ পৰাই ইয়াকুবক আটক কৰা হৈছে৷ আৰু তেওঁক বিশেষ তদন্তকাৰী দল(SIT)ৰ হাতত তুলি দিয়া হ’ব৷ ইফালে একেটা ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত ইয়াকুবৰ ভাতৃ কাদিৰ পাতালিয়াকো ২০১৫ চনত গ্ৰেপ্তাৰ কৰা হৈছিল৷ পিছত আদালতত বিচাৰ চলাৰ সময়ত জেইলত মৃত্যু হয় কাদিৰৰ৷