145
ডিজিটেল ডেস্কঃ ভাৰতীয় নৌসেনাৰ শৌৰ্য বৃদ্ধি কৰি আজি স্কৰপেন শ্ৰেণীৰ চাবমেৰিন আইএনএছ কাৰাঞ্জ মুকলি কৰা হয়। চত্ৰপতি শিৱাজিৰ নামেৰে নামাকৰণ কৰা চাবমেৰিন খন মুকলি কৰে নৌসেনা প্ৰধান সুনিল নাভাৰে৷ চাবমেৰিন মুকলি অনুষ্ঠানত নৌসেনাৰ বহু বিষয়ববীয়া উপস্থিত থাকে৷
শত্ৰুৰ গোপনীয় বহুতো গুৰুত্বপূৰ্ণ তথ্যৰ যোগান ধৰাৰ লগতে ২০৩০ চনলৈ এই স্কৰপেন শ্ৰেণীৰ চাবমেৰিন আইএনএছ কাৰাঞ্জ খনে ভাৰতীয় নৌ সেনাক এটি নতুন মাত্ৰা প্ৰদান কৰিব বুলি জানিব পৰা গৈছে।