Home ভাইৰেলমুখ্য ন্যায়াধীশৰ প্ৰথম স্ব-ৰাজ্য ভ্ৰমণতে চাকৰি গ’ল ৩ বিষয়াৰ

মুখ্য ন্যায়াধীশৰ প্ৰথম স্ব-ৰাজ্য ভ্ৰমণতে চাকৰি গ’ল ৩ বিষয়াৰ

by News Desk
110 views
A+A-
Reset

ডিজিটেল ডেস্কঃ যোৱা ৩ অক্টোবৰত দেশৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰা ন্যায়াধীশ ৰঞ্জন গগৈৰ প্ৰথমটো অসম ভ্ৰমণতে তিনিজনকৈ বিষয়া নিলম্বিত হ’ব লগা ঘটনাই ৰাইজক আমোদ দিয়াৰ লগতে চিন্তিত কৰি তুলিছে। ১৭ অক্টোবৰত ন্যায়াধীশ গগৈয়ে কামাখ্যা মন্দিৰলৈ দৰ্শনৰ বাবে যোৱাৰ সময়ত নিৰাপত্তাজনিত আসোঁৱাহৰ বাবে দুই বিষয়াক চৰকাৰে নিলম্বিত কৰাৰ পাছত কালি কামৰূপ (মহানগৰ) জিলাৰ অতিৰিক্ত উপায়ুক্ত পুলক মহন্তক নিলন্বিত কৰে। সপত্নিক বৰঝাৰ বিমান বন্দৰত অৱতৰণ কৰাৰ পাছত যথা ৰীতি মতে মুখ্য ন্যায়াধীশগৰাকীক ৰাজ্য চৰকাৰে অভিবাদন জনাব লাগে৷ অসম আৰক্ষীয়ে ন্যায়াধীশ গগৈক অভিবাদন জনোৱাৰ আগে আগে বিতৰ্কিত বিষয়াজনে বেণ্ড পাৰ্টীৰ দলটোক উদ্দেশ্য কৰি মুখ্য ন্যায়াধীশগৰাকীৰ বিষয়ে সন্মান হানিকাৰক শব্দ প্ৰয়োগ কৰে৷ মুখ্য ন্যায়াধীশগৰাকী অহাৰ লগে লগে বিষয়াজনে ‘সেইটা অহিছে বন্ধ কৰি থ’ বুলি কোৱাৰ পাছতে পুনৰ ‘বজা বজা’ বুলি বেণ্ড পাৰ্টীটোক নিৰ্দেশ দিয়ে৷ উক্ত ভিডিঅ’টো ফেচবুকত ভাইৰেল হোৱাৰ পাছত বৈদ্যুতিন মাধ্যমত সম্প্ৰচাৰ হোৱাত বিষয়াজনক নিলম্বিত কৰা হয়৷

চৰকাৰী বিষয়াসকলৰ এনে অভদ্ৰ ব্যৱহাৰ আৰু কথা-বতৰাই সচেতন মহলক ভবাই তুলিছে৷ দেশৰ মুখ্য ন্যায়াধীশগৰাকীকে সন্মান প্ৰদৰ্শন কৰিব নজনা এইসকল বিষয়াৰপৰা সাধাৰণ জনতাই কেনে সেৱা লাভ কৰিব সেয়া সহজে অনুমেয়৷ উল্লেখ্য, ইয়াৰ পূৰ্বে কামাখ্যা মন্দিৰৰ ঘটনাৰ বাবে পশ্চিম গুৱাহাটী আৰক্ষীৰ উপ-উপায়ুক্ত ভানৱাৰলাল মীনা আৰু কামৰূপ (মহানগৰ)ৰ অতিৰিক্ত উৰায়ুক্ত প্ৰাঞ্জল প্ৰতীম কাঠকটীয়াক নিলম্বিত কৰা হৈছিল৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0